/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/332ea792-a66b-4e01-9849-56213248c615/165.jpg)
ডিজিটেল ডেস্ক : সাহিত্যচাৰ্য্য, শিক্ষাবিদ, অধ্যাপক,ভাষাতত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত অসম সাহিত্য সভাই শোক প্ৰকাশ কৰে। এক বিজ্ঞপ্তিযোগে সভাই উল্লেখ কৰে- অসমৰ ভাষা-সাহিত্য জগতখনৰ মহীৰূহ বিশিষ্ট ভাষাবিদ, পণ্ডিত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মানেৰে বিভূষিত বিশ্বেশ্বৰ হাজৰিকা দেৱৰ বিয়োগত অসম সাহিত্য সভাৰ তৰফৰপৰা গভীৰ শোক নিবেদন কৰিলোঁ।
তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আমি অনুভৱ কৰোঁ যে বিশ্বেশ্বৰ হাজৰিকাদেৱে জীৱন কালত ঐকান্তিক প্ৰচেষ্টাৰে নিষ্ঠা সহকাৰে আমাৰ ভাষা ক্ষেত্ৰখনৰ আৰু জাতীয় জীৱনৰ সেৱা কৰি গৈছিল।
কোনো ধৰণৰ প্ৰচাৰ নিবিচৰা কৈ তেখেতে কৰা ভাষা, সাহিত্য ক্ষেত্ৰখনৰ সেৱা সভাই সদায় মনত ৰাখিব লাগিব। অসমীয়া ভাষাটোৰ উৎপত্তিৰ প্ৰসংগত বিশ্বেশ্বৰ হাজৰিকা দেৱে যি তথ্য সমৃদ্ধ যুক্তিনিষ্ঠ মতবাদ আগবঢ়াই গৈছে সেয়া আমাৰ ভাষাক সমৃদ্ধ কৰাৰ অন্যতম প্ৰয়াস।
বিশ্বেশ্বৰ হাজৰিকাদেৱে ভাষাবিদ ড০বাণীকান্ত কাকতিদেৱৰ গৱেষণা গ্ৰন্থখন অসমীয়াৰ ভাষালৈ অনুবাদ কৰি বিশেষ কৃতিত্বৰ পৰিচয় দাঙি ধৰিছে। এনেহেন এগৰাকী কৃতবিদ্য পণ্ডিতৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক বৃহৎ ক্ষতি বুলি সভাই অনুভৱ কৰিছে। আমি হাজৰিকাদেৱৰ আদৰ্শেৰে জাতীয় জীৱন গঢ়িব লাগিব।
Also Read: পঞ্চভূতত বিলীন সাহিত্যচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা…
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us