User
ডিজিটেল ডেস্ক: পঞ্চভূতত বিলীন হ’ল সাহিত্যচাৰ্য্য বিশ্বেশ্বৰ হাজৰিকা। বিশিষ্ট সাহিত্যিক,ভাষাতত্ববিদ,অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাৰ শনিবাৰে নিশা ১-৩০বজাত গুৱাহাটীৰ কে জি এম টি হাস্পতালত মৃত্যু হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/2614bac5-a1b0-46f6-95a6-afce2f22345d/35a6538a_81ff_48a3_8293_831f1212fcb3.jpg)
মৃত্যুৰ সময়ত তেঁওৰ বয়স আছিল ৯১ বছৰ। বাৰ্ধক্যজনিত কাৰণ মৃত্যু হোৱা শিক্ষাবিদ হাজৰিকা অসম আন্দোলনৰ অগ্ৰণী নেতাৰ উপৰি জাতীয়তাবাদী চিন্তাধাৰাৰ লোক আছিল। অসম আন্দোলনৰ সময়চোৱাত তেওঁৰ ভূমিকা আছিল অপৰিসীম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1aede8bf-53b8-4900-80e2-5fa324eb4698/7b5a67cc_736a_4894_8f2e_c328d03e10f1.jpg)
তেওঁৰ মৃত্যুত দেওবাৰে পুৱাই ভালেকেইগৰাকী গুণমুগ্ধই হাস্পতাল চৌহদত ভিৰ কৰা পৰিলক্ষিত হয়। সাদিন –প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, ডা০ ৰূপ নয়ন গোস্বামী আদিয়ে হাস্পতালত উপস্থিত হৈ বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/85e19608-b817-4a7d-afb6-ea0bf7183088/190a223a_38f4_49f9_a39f_891d4c1e8f97.jpg)
শ্ৰদ্ধা নিবেদন কৰি অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ইয়াৰোপৰি প্ৰয়াত হাজৰিকাৰ সাহিত্য কৃতি তথা হেমকোষৰ চতুৰ্দশ সংস্কৰণত তেখেতৰ অৱদান সন্দৰ্ভত বক্তব্য দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/da3fbc48-788b-4656-b5d1-852ac3b25efb/4722ba09_4516_4b3e_8c82_5ec4b27c0090.jpg)
ইয়াৰ পাছতে বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰদেহ নিজৰাপাৰস্থিত বাসগৃহলৈ নিয়ে। তাতো ভালেসংখ্যক গুণমুগ্ধৰ লগতে আছুৰ কৰ্মকৰ্তাসকলে শ্ৰদ্ধা নিবেদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/98069786-5481-4804-ab49-d56fbd005978/fdc7fbe1_3309_49a9_82c2_c4fe6cf3332a.jpg)
১৯৯৫চনত বি বৰুৱা মহাবিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰা বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জনাই মহাবিদ্যালখনৰ অধ্যক্ষৰ লগতে কৰ্মকৰ্তাসকলে। এন চি চিৰ কেডেটসকলৰ দ্বাৰা গাৰ্ড অৱ অনাৰ দিয়া হাজৰিকাক বি বৰুৱা মহাবিদ্য়ালয় ছাত্ৰ একতা সভায়ো তেখেতৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/2bfa22c0-4782-4433-b22d-a38fba79f0a2/4088cf74_aed7_44c3_b541_9a21c13f7241.jpg)
অসম সাহিত্য সভাৰ কাৰ্যাললৈয়ো নিয়া হয় সাহিত্যচাৰ্য বিশ্বেশ্বৰ হাজৰিকাৰ নশ্বৰদেহ। সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱী প্ৰমুখ্যে আন আন বিষয়ববীয়াসকলেও হাজৰিকাক শেষ শ্ৰদ্ধা নিবেদন কৰে। হাজৰিকাৰ মৃত্যুত সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই শোক প্ৰকাশ কৰাৰ উপৰি তেখেতৰ সাহিত্যৰাজি সন্দৰ্ভত আলোকপাত কৰে। প্ৰয়াত বিশ্বেশ্বৰ হাজৰিকাৰ প্ৰতি সন্মান জনাই আজি অসম সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰাও পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c46915ea-a3b2-4f4b-9e3f-4f709bbf4b5c/4925b49d_8160_42cd_9e5f_9243b5ad0af5.jpg)
ইয়াৰ পাছতে প্ৰয়াত হাজৰিকাৰ নশ্বৰদেহ সৎকাৰৰ বাবে নৱগ্ৰহ শ্মশানলৈ অনা হয়। শ্মাশানত সদৌ অসম ছাত্ৰ সন্থা, বাৰ্তাজীৱি সংঘ আদিকে ধৰি ভালেকেইটা সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশ্বেশ্বৰ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰি ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, তেখেতৰ মৃত্যু সাহিত্যজগতৰ বাবে অপূৰণীয় ক্ষতি। অসমৰ আকাশৰ পৰা খহি পৰিল এটি নক্ষত্ৰ। অসম আন্দোলনত প্ৰয়াত হাজৰিকাৰ ভূমিকা সন্দৰ্ভতো মন্তব্য কৰে আছুৰ উপদেষ্টাগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/10527522-029c-4ed1-aab7-45dcefb548e3/e29a25e2_43a4_4be1_94ba_b81004d00bdb.jpg)
প্ৰয়াত হাজৰিকাৰ অন্তিম যাত্ৰাত উপস্থিত থাকে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিপুল ৰাভা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী,জ্যেষ্ঠ নাগৰিকসকল তথা বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী,সাংবাদিক আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/28044a7c-1fa2-4648-a82b-ec733946d05e/5d654c56_b810_48cb_95ae_fe0350207a21.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰয়াত হাজৰিকাই ইহসংসাৰত এৰি থৈ গৈছে পত্নী লাবণ্য হাজৰিকা, এগৰাকী কন্যা, একমাত্ৰ জোঁৱাই তথা অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, নাতি-নাতিনীৰ লগতে অজস্ৰ গুণমুগ্ধক। তেখেতৰ মৃত্যু অসমৰ সাহিত্য তথা শৈক্ষিক ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব।
Also Read: বিশ্বেশ্বৰ হাজৰিকা...