ডিজিটেল সংবাদ, চিৰাং : ৰাজ্য চৰকাৰৰ শক্তি বিভাগে অসমৰ জনসাধাৰণক মাধমাৰ সোধাই বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বিষয়টো লৈ বিজেপিক লুণ্ঠনকাৰীৰ দল বুলি আখ্যা দি তীব্ৰ সমালোচলা কৰে অসম ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । শনিবাৰে চিৰাং জিলাৰ ঢালিগাঁৱত কংগ্ৰেছৰ এক দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, বিজেপি দলে নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজক মাহিলী ৩০ ইউনিট বিদ্যুৎ বিল বিনামূলীয়া কৰাৰ লগতে ২৪ ঘন্টা বিদ্যুত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল ।
কিন্তু বাস্তৱ ক্ষেত্ৰত বিজেপি চৰকাৰে তাৰ ওলোটা কৰি আছে । বৰ্তমান সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ৰাইজৰ বাবে যন্ত্ৰণাদায়ক হৈ পৰিছে । চৰকাৰে অৰুণোদয়ৰ নামত ১৫০০ টকাকৈ দি বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭০ পইচাকৈ বৃদ্ধি কৰি বিজেপি চৰকাৰে ৰাইজৰ পকেট মৰাৰ কাম কৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই। ৰাজস্থানত ১০০ ইউনিট আৰু কৰ্ণাটকত ২০০ ইউনিট বিদ্যুৎ মাচুল ৰেহাই দিছে। কংগ্ৰেছ শাসিত ৰাজ্যতবোৰত কংগ্ৰেছে নিৰ্বাচনৰ সময়ত যি কথা দিছিলে সেই কথা ৰাখিছে কিন্তু তাৰ বিপৰীতে বিজেপি দলে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি এতিয়া ওলোটাই বিদ্যুত মাচুল নামত লুণ্ঠন চলাই আছে বুলি মন্তব্য কৰে।
ইপিনে কালি নিশা উৰিষ্যাৰ বালাছৰত শোকাৱহ ৰে'ল দুৰ্ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় চৰকাৰক দৃষ্টান্তমূলক সিদ্ধান্ত লোৱাৰ আহ্বান জনায় ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেখেতে কয় যে, পূৰ্বৰ কংগ্ৰেছৰ শাসনকালত ৰে'ল দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি তদানীন্তন ৰে'লমন্ত্ৰী তথা পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল, মাধৱ ৰাও চিন্ধিয়াও ৰে'ল দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল ।
শনিবাৰে বিজেপি চৰকাৰে যদি তেনেকুৱা দৃষ্টান্তমূলক সিদ্ধান্ত ল'ব নোৱাৰে তেনেহলে এনেধৰণৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ কোনো উপায় নাই বুলি মন্তব্য কৰে । চিৰাঙত শনিবাৰে কংগ্ৰেছ দলৰ দলীয় যোগদান কাৰ্যসূচীৰ পূৰ্বে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, অসম ৰাজ্যিক কংগ্ৰেছ কমিটিৰ সম্পাদক গৰ্জ্জন মুছাহাৰীৰ উপস্থিতিত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যিক সভাপতি ভূপেন বৰাই ।
তাৰ সহস্ৰাধিক লোকৰ উপস্থিতিত জিলাখনৰ বিভিন্ন এলেকাৰ শতাধিক বড়ো যুৱক যুৱতীয়ে বিপিএফ, ইউপিপিএল দল এৰি আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে । দলীয় কাৰ্যসূচীৰ ভাষণত লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে বিপিএফ, ইউপিপিএল দলৰ নেতৃত্বক সমালোচনা কৰে। সাংসদ গৰাকীয়ে কয় যে, প্ৰমোদ বড়োই নিৰ্লজ্জৰ দৰে ক্ষমতা দখলৰ বাবে বিটিচিৰ ক্ষমতা অসম চৰকাৰক গতাই দিছে বুলি কটাক্ষ কৰে ।
যাৰ কাৰণে আজি বিটিআৰ অঞ্চলৰ বড়ো যুৱক যুৱতীয়ে দলে দলে কংগ্ৰেছ দললৈ ঢাপলি মেলিছে। সাংসদজনে নিজৰ ভাষণত মুখ্যমন্ত্ৰীক কঠোৰ ভাৱে সমালোচনা কৰি জোনমণি ৰাভাৰ মৃত্যু আৰু তদন্ত সন্দৰ্ভত মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোক আজিও কিয় সাক্ষাৎ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে । উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত সাংসদ গৰাকীয়ে ৰে'ল মন্ত্ৰীৰ পদত্যাগ দাবী কৰে ।