গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

author-image
Asomiya Pratidin
New Update
গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ডিজিটেল ডেস্ক : যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে লাভ জেহাদৰে মহাভাৰতৰ ব্যাখ্যা দাঙি ধৰাৰ উপৰি শ্ৰীকৃষ্ণ ৰুক্মিণী সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য।

ছদ্মনাম লৈ ভগৱান শ্ৰীকৃষ্ণই হোনো ৰুক্মিণীৰ প্ৰেমত পৰিছিল বুলি মন্তব্য কৰিছিল ভূপেন বৰাই। ভূপেন বৰাৰ এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম দেৱালয় সংঘ।

তেওঁৰ বিৰুদ্ধে সদৌ অসম দেৱালয় সংঘই প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চা লংকা থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে কংগ্ৰেছ সভাপতিগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে। শ্ৰীকৃষ্ণক অপমানসূচক মন্তব্য কৰা ভূপেন বৰাৰ বিৰুদ্ধে অসমৰ প্ৰত্যেকখন থানাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশে এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰিছে। এই কথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ত্ৰিদিৱ জ্যোতি মৰাণৰ।

Also Read: যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

congress bhupen bora