বিদ্যুৎ বিভাগৰ গাফিলতি : ট্ৰান্সফাৰ্মাৰত লাগি মৃত্যু এজনৰ

বিদ্যুৎ বিভাগৰ গাফিলতি : ট্ৰান্সফাৰ্মাৰত লাগি মৃত্যু এজনৰ

author-image
Asomiya Pratidin
New Update
বিদ্যুৎ বিভাগৰ গাফিলতি : ট্ৰান্সফাৰ্মাৰত লাগি মৃত্যু এজনৰ

ডিজিটেল ডেস্ক : মহানগৰীৰ ছয়মাইলত এজন লোকৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে পুৱাই স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

Advertisment

বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি একাংশ স্থানীয় লোকৰ মন্তব্য। কিয়নো উন্মুক্ত ট্ৰান্সফাৰ্মাৰত লাগি উক্ত লোকজনৰ মৃত্যু হয়। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে অচিনাক্ত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে পূৰ্বেও বিভিন্ন সময়ত এইধৰণৰ উন্মুক্ত ট্ৰান্সফাৰ্মাৰত লাগি ভালেসংখ্যক লোকে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। বিদ্যুৎ বিভাগৰ এনে গাফিলতিৰ বাবে একাংশলোকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Also Read: মহানগৰীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

guwahati police