/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/8460e78d-eaad-45f7-accf-4d39f09c83d8/12.jpg)
ডিজিটেল ডেস্ক : কংগ্রেছৰ দুই নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। বৃহস্পতিবাৰে দুই কংগ্ৰেছ নেতা আব্দুৰ ৰছিদ মণ্ডল আৰু ৰমেন বৰঠাকুৰলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।
জাননীত উল্লেখ কৰা অনুসৰি, পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগ উত্থাপন কৰি এই জাননী প্ৰেৰণ কৰিছে। আনহাতে মণ্ডলৰ বিৰুদ্ধে দল বিৰোধী কাৰ্যতো জড়িতৰ অভিযোগ উত্থাপন কৰা হৈছে। দুদিনৰ ভিতৰত বিধায়কগৰাকীক উত্তৰ দিয়াৰ বাবে প্ৰদেশ কংগ্ৰেছে নিৰ্দেশ জাৰি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2f6969ba-2a0b-4813-9cc5-e1e85de0ec9f/9f0c3bf5_4902_4c4a_9892_83b3fd3a51fe.jpg)
তদ্ৰুপধৰণে দলৰ আনগৰাকী জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰক ৩ দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে। ৰমেন বৰঠাকুৰৰ বিৰুদ্ধেও বহুবাৰ দলীয় অনুশাসন ভংগৰ অভিযোগ উত্থাপন হৈছে।
Also Read: ধেমাজিত অসম মালা আচঁনিৰ ধনৰ কেলেংকাৰী ! দুৰ্নীতি নিবাৰক শাখাৰ দলৰ অভিযান