
ডিজিটেল ডেস্কঃ অসম আৰক্ষীক ব্যাপক ৰদ-বদল। কেইবাজনো আৰক্ষী অধীক্ষকৰ সলনি কৰা হ'ল ঠিকনা। অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত সাল-সলনি। তলত সৱিশেষ উল্লেখ কৰা হ'ল-
গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰক বদলি।
গোলাঘাটৰ নতুন SP পুস্কিন জৈন।
পূৰ্বে শদিয়াৰ আৰক্ষী অধীক্ষক আছিল পুস্কিন জৈন।
CID (Zonal-III)ৰ SP জয়শ্রী খেৰছাক বদলি।
প্রথম APTF বেটেলিয়নৰ কমাণ্ডেণ্ট নিযুক্তি জয়শ্রী খেৰছাক।
অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক শান্তনু শৰ্মা পাঠকক বদলি।
কাৰ্বি আংলঙৰ 23rd AP(IR) বেটলিয়নৰ কমাণ্ডেণ্টৰূপে বদলি পাঠকক।
23rd AP(IR) বেটলিয়নৰ কমাণ্ডেণ্ট ইমদাদ আলীক বদলি।
গুৱাহাটীৰ DCP হিচাপে বদলি ইমদাদ আলীক।
গুৱাহাটীৰ DCP শুভাশিস বৰুৱাক বদলি।
উলুবাৰীৰ মুখ্য কাৰ্যালয়লৈ সহকাৰী IGP হিচাপে বদলি।
গোৱালপাৰাৰ ১ম APTF বেটেলিয়নৰ কমাণ্ডেণ্ট মৃণাল ডেকাক বদলি।
শদিয়াৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব মৃণাল ডেকাক।
কামৰূপৰ অতিঃ আৰক্ষী অধীক্ষক আছিফ আহমেদক বদলি।
গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ ADCPহিচাপে নিযুক্তি আছিফ আহমেদক.।
গুৱাহাটীৰ ADCP কল্যাণ কুমাৰ পাঠকক বদলি।
কামৰূপ জিলাৰ ASP হিচাপে বদলি কল্যাণ কুমাৰ পাঠকক।
গুৱাহাটীৰ মধ্য মণ্ডলৰ ADCP হিচাপে নন্দিনী কাকতিক বদলি।