
ডিজিটেল ডেস্ক : খাকী! সাজযোৰেই পৰিচয় বহন কৰে ন্যায়, সত্য, ধৈৰ্য, অপৰাধ নাশ, অন্যায় নাশ আদিৰ। খাকীযোৰত দম আছে। সত্যতা আছে। জনতাৰ আশ্বস্ততা, বিশ্বাস আছে। খাকীযোৰেই জনতাৰ ৰক্ষণা-বেক্ষণৰ পৰিচয় বাহক। বেআইনী কাৰ্য-কলাপ বিৰোধী। অপৰাধ-অপৰাধীৰ যমদূত।
খাকীযোৰত দাগ লাগিছে। অপৰাধীক তেজেৰে ৰাঙলী কৰাৰ দাগ নহয়। খাকীযোৰৰ পৰিচয়ৰ ওপৰত দাগ। খাকীৰ ওপৰত থকা বিশ্বাসৰ ওপৰত দাগ। জনতাক ৰক্ষণা-বেক্ষণা দিয়া খাকীযোৰত এতিয়া প্ৰশ্ন উঠিছে, কি হৈছে-কিয় হৈছে ?
খাকী পৰিধান কৰা ব্যক্তি দেখিলে এটি শিশুয়ে "মই পুলিচ হ'ম" বোলা বাক্যশাৰীৰ পৰা, ডাঙৰ হৈ এই বৃত্তিটোৰ বাবে নিজক প্ৰস্তুতি চলোৱা লৈ খাকীৰ প্ৰতি থকা আগ্ৰহত যেন ম্লান পৰিছে। সপোনৰ বাটত গৈ সমাজৰ অন্ধকাৰৰ সৈতে পৰিচয় হোৱা, অন্ধকাৰ নাশ কৰিবলৈ লাগি থকা খাকীযোৰত প্ৰশ্ন উত্থাপন হৈছে।
ৰাজ্যত সংঘটিত হোৱা ঘটনা বাবে এই প্ৰশ্ন এতিয়া প্ৰায় স্বাভাৱিক হৈ দেখা দিছে। অপৰাধ, হিংসা দিনক দিনে বৃদ্ধি পোৱা অসমত খাকীৰ প্ৰতি আস্থা হেৰুৱাৰ উপক্ৰম জনতাৰ। সমান্তৰালভাবে বহু সময়ত খাকী পৰিধান কৰা ব্যক্তিয়ে নিজেই অপৰাধত লিপ্ত হোৱা ঘটনাই দেখা দিয়াতো এতিয়া খাকী পোছাকযোৰলৈ প্ৰশ্ন জনতাৰ। আকৌ ক্ষমতাৰ বলেৰে নিজক পাহৰা ব্যক্তিৰ বাবেও প্ৰশ্নৰ সন্মুখীন হয় খাকীযোৰে।
শেহতীয়াকৈ নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু পাছত ৰাজ্যত সৃষ্টি হোৱা অবাঞ্চিত পৰিৱেশৰ বাবে খাকীযোৰলৈ প্ৰশ্নই পুণৰ গা-কৰি উঠিছে। কোনো বিশেষ বিষয়াৰ টকা-ক্ষমতা প্ৰতি থকা লোভৰ বাবে আঙুলি উঠিছে পোছাক যোৰলৈ। যি প্ৰশ্নক নাশ কৰিবলৈ অধিক দ্বায়িত্ব আহি পৰিছে বিভাগটোলৈ। যাৰ বাবে অধিক সক্ৰিয়তাৰে কাম কৰিব লাগিব বিভাগটোয়ে।
এই প্ৰশ্নই অধিক সবল হোৱাৰ প্ৰাকক্ষণতে শণিবাৰে অনুষ্ঠিত এক সংবাদমেলত অসম আৰক্ষীৰ সমূহ বিষয়া-কৰ্মচাৰীক পৰোক্ষভাৱে সকীয়নি দিলে অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙে। য'ত তেওঁ কয় যে- "আপোনালোক আইন ৰক্ষাৰ গুৰুত্বপূৰ্ণ দ্বায়িত্বত নিয়োজিত সেয়ে আইন বিৰোধী কোনো কাৰ্যকলাপৰ সৈতে জড়িত নহ'ব"। এই কথাই যেন জনতাকো আৰক্ষীৰ প্ৰতি আস্থা নেহেৰুৱাবলৈ পৰোক্ষ অনুৰোধ জনালে সঞ্চালক প্ৰধান গৰাকীয়ে।
ৰাইজৰো অনুৰোধ, আইন ৰক্ষাৰ গুৰুত্বপূৰ্ণ দ্বায়িত্বত নিয়োজিত, সেয়ে আইন বিৰোধী কোনো কাৰ্যকলাপৰ সৈতে জড়িত নহওঁক খাকীযোৰ...