মাজবাট আৰক্ষীৰ বৃহৎ সফলতাঃ ৩০ টা চোৰাং গৰুসহ ট্ৰাক জব্দ...

মাজবাট আৰক্ষীৰ বৃহৎ সফলতাঃ ৩০ টা চোৰাং গৰুসহ ট্ৰাক জব্দ...
মাজবাট আৰক্ষীৰ বৃহৎ সফলতাঃ ৩০ টা চোৰাং গৰুসহ ট্ৰাক জব্দ...

ডিজিটেল সংবাদ মাজবাটঃ মাজবাট আৰক্ষীৰ বৃহৎ সফলতা । ৩০ টা চোৰাং গৰুসহ ট্ৰাক জব্দ। জানিব পৰা মতে আজি ৰাতিপুৱা প্ৰায় ৫ঃ৩০ বজাত মাজবাট আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত ওৰাং ৰূপা পথৰ লামাবাৰী অঞ্চলৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা আহি থকা অৱস্থাত AS-27-C-8028 নম্বৰৰ এখন ট্ৰাক জব্দ কৰি তালাচি চলায়।

তালাচীত ৩০ টা চোৰাং গৰু আৰু এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আনহাতে আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ কৰা দুজন লোককো আটক কৰিছে। আটক কৰা লোকদুজন ক্ৰমে ওদালগুৰি জিলাৰ ৰৌতাৰ ছফিকুল ইছলাম আৰু ৰৌতাৰ আমিন পাৰাৰ জহিদুল হক।

মাজবাট আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাঁইয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, জব্দ কৰা চোৰাং গৰু কেইটা লখিমপুৰ জিলাৰ পৰা অৰুণাচল প্ৰদেশ হৈ দৰং জিলাৰ খাৰুপেটিয়ালৈ নি থকা হৈছিল । আনহাতে আৰক্ষীয়ে জনোৱা অনুসৰি জব্দ কৰা গৰু ৩০ টা ওদালগুৰিস্থি গৌশালালৈ স্থানান্তৰ কৰা হ'ব।

মাজবাট আৰক্ষীৰ বৃহৎ সফলতাঃ ৩০ টা চোৰাং গৰুসহ ট্ৰাক জব্দ...
১৮ মাৰ্চত মধুপুৰ সত্ৰত প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in