/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7045f4d4-bb69-4251-b0f8-f6e433167a9b/7.jpg)
ডিজিটেল সংবাদ, উৰিয়ামঘাট: অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্যসূচীৰ অন্তৰ্গত শিশু অধিকাৰ সপ্তাহ উপলক্ষে শুকুৰবাৰে উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং লক্ষীপুৰস্থিত ৰেংমা সীমান্ত হাইস্কুলত এখনি সজাগতা সভা অনুষ্ঠিত হয়৷ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অসীম শ্যাম গোঁহাইয়ে ৷
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি শিশুৰ অধিকাৰৰ ওপৰত বিশেষকৈ শিক্ষা, শিশু শ্ৰমিক, বাল্য বিবাহৰ ওপৰত বক্তব্য ৰাখে বিদ্যালয়ৰ সহকাৰী শিক্ষক কুলধৰ গগৈ, প্ৰতাপ গগৈ, সাগৰিকা বৰগহঁহাইৰ লগতে উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিদা হাজৰিকাই৷ উক্ত অনুবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷
Also Read: বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us