আজিৰে পৰা বটদ্রৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, গুৰু কীৰ্তন...

আজিৰে পৰা বটদ্রৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, গুৰু কীৰ্তন...
আজিৰে পৰা বটদ্রৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, গুৰু কীৰ্তন...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ দৌল উৎসৱৰ পাছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ অন্য এক মূল উৎসৱ হৈছে গুৰু কীৰ্ত্তন। ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত উদযাপন কৰা এই মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি তথা গুৰু কীৰ্ত্তন বটদ্ৰৱা থানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

৩৬৬ বছৰীয়া পৰম্পৰাক সৰোগত কৰি এইবেলিও বটদ্ৰৱা থানত গুৰু কীৰ্ত্তন দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে। আজি গন্ধোৎসৱ উপলক্ষে পুৱাৰে পৰা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গ, দুপৰীয়া নাম প্ৰসঙ্গ, গন্ধ গোৱা অনুষ্ঠান আৰু বিয়লি গায়ন-বায়নে ৰাম ধেমালি আৰু বাহাৰ অনুষ্ঠান পৰিবেশন কৰে।

শনিবাৰে পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নামৰ পাছতেই ভাদ মাহৰ পৰম্পৰাগত নাম ডকা কাৰ্যসূচীৰ লগতে আইসকলৰ নাম প্রসঙ্গত ‘ৰুক্মিনী হৰন’ৰ দিহা গোৱা হ’ব। পাছত বিয়লি ভোজন বেহাৰ নাটক পৰিবেশন কৰিব ভকত বৈষ্ণৱে। ইফালে গুৰু তিৰোভাৱ তিথি উপলক্ষে আজিৰে পৰা দূৰদূৰণিৰ তীৰ্থযাত্ৰীসকলৰ আগমন ঘটিছে।

আজিৰে পৰা বটদ্রৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, গুৰু কীৰ্তন...
চেম্বাৰ খুলি ভুৱা চিকিৎসকৰ ৰোগীৰ জীৱনৰ সৈতে হেতালিঃ৩ জনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in