দিপাৱলীৰ সময়ত ফটকা ফুটাওতে সাৱধান! অসম আৰক্ষীৰ নিৰ্দেশনা জাৰি...

দিপাৱলীলৈ মাজত মাত্ৰ কেইদিনমান বাকী। ইতিমধ্যে উচ্চতম ন্যায়লয়ে ফটকাৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা

author-image
Asomiya Pratidin
New Update
আজি কালী পূজা: ৰাজ্যবাসীয়ে উলহ-মালহেৰে পালন কৰিব পোহৰৰ উৎসৱ দিপাৱলী

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দিপাৱলীলৈ মাজত মাত্ৰ কেইদিনমান বাকী। ইতিমধ্যে উচ্চতম ন্যায়লয়ে ফটকাৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা। ইয়াৰ মাজতে প্ৰদূষণ সৃষ্টিকাৰী ফটকাক লৈ অসম আৰক্ষীৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

Advertisment
  • একমাত্ৰ সেউজ ফটকাহে ফুটাব পাৰিব এইবাৰৰ দীপাৱলীত।

  • দীপাৱলীৰ নিশা ৮ৰ পৰা ১০ বজালৈকে ফুটাব পাৰিব সেউজ ফটকা।

  • বিষাক্ত ৰাসায়নিক দ্ৰব্যযুক্ত ফটকা ফুটোৱাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা।

  • উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে অসম আৰক্ষীৰ এই কঠোৰ নিৰ্দেশনা।

  • এইবাৰৰ দীপাৱলীত প্ৰদূষণ সৃষ্টিকাৰী ফটকা বিক্রীতো নিষেধাজ্ঞা।

  • উচ্চ প্রাৱল্যৰ ফটকা ফুটাব নোৱাৰিব এইবাৰ দীপাৱলীত।

  • দীপাৱলীত নিশা ১০ বজাৰ পিছত কোনোধৰণৰ ফটকা ফুটাব নোৱাৰিব।

  • ষট পূজা, বৰদিন, নৱবৰ্ষক লৈও অসম আৰক্ষীৰ বিশেষ নিৰ্দেশনা।

  • ষট পূজাত পুৱা ৬ বজাৰ পৰা ৮ বজালৈ ফটকা ফুটাব পাৰিব।

  • বৰদিন-নৱবৰ্ষত নিশা ১১.৫৫ৰ পৰা ১২.৩০ লৈকে ফটকা ফুটাব পাৰিব।

Also Read: অবৈধভাৱে ভাৰতত প্ৰৱেশত সহায়! অসম আৰক্ষীৰ সহযোগত নিয়াই অসম-ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে ২৫ দালালক

Assam police diwali