অবৈধভাৱে ভাৰতত প্ৰৱেশত সহায়! অসম আৰক্ষীৰ সহযোগত নিয়াই অসম-ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে ২৫ দালালক

বুধবাৰে দেশৰ ১০ টা স্থানত ৰোহিংগীয়াৰ বিৰুদ্ধে তালাচী চলাই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) গ্ৰেপ্তাৰ কৰে ৪৭ জন দালাল অৰ্থাৎ মধ্যস্থতাকাৰীক।

author-image
Asomiya Pratidin
New Update
অবৈধভাৱে ভাৰতত প্ৰৱেশত সহায়! অসম আৰক্ষীৰ সহযোগত নিয়াই অসম-ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰিলে ২৫ দালালক

ডিজিটেল ডেস্কঃ বুধবাৰে দেশৰ ১০ টা স্থানত ৰোহিংগীয়াৰ বিৰুদ্ধে তালাচী চলাই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) গ্ৰেপ্তাৰ কৰে ৪৭ জন দালাল অৰ্থাৎ মধ্যস্থতাকাৰীক। ৪৭ জনৰ ভিতৰত ২৫ জনক গ্ৰেপ্তাৰ কৰে ত্ৰিপুৰা আৰু অসমৰ পৰা।

Advertisment

আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে এই কথা জনায়। তেওঁ কয় যে, চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কৰিমগঞ্জ আৰক্ষীয়ে কৰিমগঞ্জ ৰেল ষ্টেচনত ৰোহিংগীয়াৰ এটা দলক আটক কৰিছিল। এই ট্ৰেইনখন ত্ৰিপুৰাৰ পৰা আহি আছিল। অনুসন্ধানৰ পাছত পোহৰলৈ আহিছিল যে, অবৈধ ৰোহিংগীয়া সকলে ভাৰত-বাংলাদেশ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে।

  User
User

ঘটনাটোৰ পিছত অসম আৰক্ষীয়ে অভিযান বৃদ্ধি কৰে যাৰ ফলত ৪৫০ জন অবৈধ প্ৰব্ৰজনকাৰীক সীমান্ত ৰক্ষী বাহিনীৰ সহায়ত বাংলাদেশলৈ ঘূৰাই পঠিয়ায়।

পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল যে দালালৰ জৰিয়তে একাংশই বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰে। লগতে এয়াও পোহৰলৈ আহিছিল যে এই দালালসকল কেৱল ইণ্ডো-বাংলাদেেশ সীমান্ততে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত আছে।

সিঙে জনাই যে, ২০২৩ চনৰ জুলাই মাহত অসমৰ বিশেষ টাস্ক ফ'ৰ্চে (এছটিএফ) এটা অভিযান ১০ জন এনে দালালক গ্ৰেপ্তাৰ কৰিছিল। দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পৰা বিষয়টো পৰৱৰ্তী সময়ত অসম চৰকাৰে গৃহ মন্ত্ৰালয়ক এনআইএ লৈ স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছিল।

সেই অনুসৰি, নিয়াই গোচৰটো তদন্ত কৰে আৰু আৰক্ষীৰ সহযোগত দেশজুৰি বিভিন্ন ঠাইত অভিযান চলায়। ১৭ টাকৈ দলে চলাইছিল এই অভিযান। ত্ৰিপুৰা আৰু অসমত চলা অভিযানত নিয়াক সহায় কৰে অসম আৰক্ষীয়ে।

  User
User

অভিযানৰ অন্তত দেশৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ৪৭ জন দালালক। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

ত্ৰিপুৰা- ২৫

অসম- ৫

পশ্চিম বংগ- ৩

কৰ্ণাটক-৯

হাৰিয়ানা- ১

তেলেংগনা- ১

তামিলনাডু- ৩

Also Read: জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে মুকলি

Assam police nia