SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পুনৰ এজনক আটক…

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পুনৰ এজনক আটক…

author-image
asomiyapratidin
New Update
পুনৰ এনকাউন্টাৰ, পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী…

ডিজিটেল ডেস্ক: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ এদিনৰ পাছতেই প্ৰশ্নকাকত ছচিয়েল মিডিয়াত ভাইৰেল হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

এই সন্দৰ্ভত সোমবাৰে পিণ্টু গোহাঁই নামৰ এজনক আটক কৰাৰ পাছতেই পুনৰ আৰক্ষীয়ে আটক কৰে এজনক। সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে আটক কৰে প্রাঞ্জল দেউৰী নামৰ যুৱকজনক।

উল্লেখ্য যে, আটক হোৱা পিণ্টুৱে মালিগাঁৱৰ LCB কলেজৰ পৰা লাভ কৰিছিল প্রশ্নকাকত। প্রশ্নকাকত লাভ কৰিয়ে ভাইৰেল কৰা বুলি স্বীকাৰ পিণ্টু গোহাঁইৰ। ঘটনা সন্দৰ্ভত এতিয়াও অব্যাহত আছে তদন্ত।

আৰু পঢ়ক: ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন ৪৫ বছৰীয়া পাষাণৰ…

assam si exam Assam police