শীঘ্ৰেই কা বলবৎ হোৱাৰ সম্ভাৱণা! ছুটী নাপাব অসম আৰক্ষীৰ বিষয়াই

শীঘ্ৰেই কা বলবৎ হোৱাৰ সম্ভাৱণা! ছুটী  নাপাব অসম আৰক্ষীৰ বিষয়াই

ডিজিটেল ডেস্কঃ অসমত নাগৰিকত্ব সংশোধনী আইন (চিএএ) কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলি আছে। ইয়াৰ মোকাবিলা কৰিবলৈ ১০ মাৰ্চৰ পৰা সকলো অসম আৰক্ষীৰ ছুটি বাতিল হৈছে। সূত্ৰ অনুসৰি জানিব পৰা গৈছে এই তথ্য।

খবৰ অনুসৰি অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে বিগত এটা সপ্তাহত যোৰহাট, ডিব্ৰুগড় আৰু গোলাঘাটৰ আৰক্ষী বিষয়াৰ লগত এক বৈঠকত মিলিত হয়। কেৱল ইমানেই নহয়, ২০১৯ চনত কা আন্দোলনত সকলোতকৈ প্ৰভাৱিত জিলা সমূহৰ আৰক্ষী বিষয়াৰ লগতো সিঙে বৈঠকত মিলিত হয়।

জানিব পৰা মতে এই বৈঠকত সিঙে আৰক্ষী বিষয়াসকলক প্ৰতিখন আৰক্ষী থানাতেই পৰ্যাপ্ত পৰিমাণৰ কন্দুৱা গেছ,লাঠী আৰু অন্যান্য সামগ্ৰীসমূহ ৰাখিব দিছে।

তেওঁ কয়, "আমি সকলো সাম্ভাব্য পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাই আছো কিয়নো শীঘ্ৰেই নিৰ্বাচন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যখনত এক শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখি যাতে ভোটাৰসকলে মুক্তভাৱে ভোটদানৰ সুযোগ পায় আৰু নিৰ্বাচন নিৰপেক্ষভাৱে অনুষ্ঠিত হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

তেওঁ কয় যে অসম আৰক্ষী যিকোনো মূল্যতে ৰাজ্যখনত শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সূত্ৰ অনুসৰি, প্ৰতিখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক কা বিৰোধী আন্দোলনক সমৰ্থন কৰা যিকোনো কাৰ্যকলাপৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে।

শীঘ্ৰেই কা বলবৎ হোৱাৰ সম্ভাৱণা! ছুটী  নাপাব অসম আৰক্ষীৰ বিষয়াই
৮ কোটি ব্যয়ৰে ষ্টেট অৱ্ আৰ্হিত গঢ়ি তোলা হ'ব নৱগ্ৰহ শ্মশান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in