উৎকোচ লোৱা প্ৰত্যক্ষ কৰিলে শীঘ্ৰেই ফোন কৰক এই নম্বৰত….

উৎকোচ লোৱা প্ৰত্যক্ষ কৰিলে শীঘ্ৰেই ফোন কৰক এই নম্বৰত….

author-image
asomiyapratidin
New Update
উৎকোচ লোৱা প্ৰত্যক্ষ কৰিলে শীঘ্ৰেই ফোন কৰক এই নম্বৰত….

ডিজিটেল ডেস্ক : ৰাজ্যত উৎকোচ লোৱা কৰ্মচাৰীৰ ওপৰত চলিছে অভিযান। বৰ্তমানলৈকে বহুকেইজন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত এতিয়াও আছে তেনে বহু উৎকোচ লোৱা চৰকাৰী কৰ্মচাৰী। তেনে দুৰ্নীতিৰ বাধা দিবলৈ এতিয়া আপুনিও ল'ব পাৰে পদক্ষেপ। অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ফেচবুকযোগে ৰাইজলৈ আগবঢ়াইছে কেইবাটাও নম্বৰ।

এনে ঘটনা যদি কৰবাত বা আপোনাৰ লগত সংঘটিত হয় তেনেহলে পলম নকৰি শীঘ্ৰেই যোগাযোগ কৰক আৰক্ষীক। অসম আৰক্ষীৰ ফেচবুকৰ পোষ্টত এনেদৰে উল্লেখ কৰিছে – "দুৰ্নীতিৰ বিৰুদ্ধে  মাৰ্ বান্ধি থয় হওঁক ! যদি আপুনি কোনো চৰকাৰী বিষয়াক উৎকোচ বিচৰা প্ৰত্যক্ষ কৰে  তেন্তে ততালিকে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি সঞ্চালকালয়ে জাৰী কৰা নিম্নলিখিত নম্বৰসমূহত যোগাযোগ কৰক।"

আৰু পঢ়ক : কেঁচা বাদাম, বচপন কা প্যাৰ নহয়, জাতিৰ স্বাৰ্থত ভাইৰেল হৈছে এটা অসমীয়া গীত…

assam himanta biswa sarma guwahati Assam police