কেঁচা বাদাম, বচপন কা প্যাৰ নহয়, জাতিৰ স্বাৰ্থত ভাইৰেল হৈছে এটা অসমীয়া গীত…

কেঁচা বাদাম, বচপন কা প্যাৰ নহয়,  জাতিৰ স্বাৰ্থত ভাইৰেল হৈছে এটা অসমীয়া গীত…

৫ বছৰ পুৰণি এটা অসমীয়া গীত। হঠাৎ এই গীতক লৈ ব্যাপক চৰ্চা বিশ্বজুৰি। এইয়া কেঁচা বাদাম, বচপন কা প্যাৰ, পুষ্পাৰ সেই গীত নহয়। জাতিৰ স্বাৰ্থত, ভাষাৰ স্বাৰ্থত ভাইৰেল হৈছে এই অসমীয়া গীত। কোনটো গীত সেইটো? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

হঠাৎ চৰ্চালৈ আহিছে এটা অসমীয়া গীত। প্ৰায় ৫ বছৰৰ পূৰ্বে বাণীবদ্ধ কৰা এই গীতটোক লৈ কিয় চৰ্চা হৈছে। হোৱাটছএপত ভাইৰেল হোৱা গীতটো লিখিছিল হিৰণ্য নাথে। আৰ্য বিদ্যাপীঠৰ এইগৰাকী শিক্ষকে লিখা গীতৰ কথাই চুইছে প্ৰতিজন সজাগ-সচেতন অসমীয়াক। কিয়নো এই গীতৰ জড়িয়তে ভাষাটোক, অসমীয়া সংস্কৃতিক ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে।

অসমীয়া ভাষা এতিয়া অস্তিত্বৰ সংকটত। এই গীতটোৰ সুৰ আৰু সংগীত আছিল কমল কটকীৰ। হিৰণ্য নাথে লিখা "আহ ঐ আহ" এই গীতটোত কণ্ঠদান কৰিছিল কেইগৰাকীমান শিশুৱে।

মেধাজ্যোতি নাথ, খ্যাতিতৃষ্ণা, আদিত্য জ্ঞানেনে কণ্ঠ নিগৰোৱা গীতটো আছিল এনেধৰণৰ – "আহ ঐ আহ / ভাষাটোক ৰাখিব লাগিবই/ ভেটিটোক ৰাখিব লাগিবই/ জাতিটোক ৰাখিব লাগিবই লাগিবই লাগিবই/ লাচিতৰ আৰ্হিৰে ত্যাগ সাহসেৰে/ কৰ্মত ধৰিলেহে জাতি-মাটি-ভেটি-ভাষা/ থাকিবই থাকিবই থাকিবই…"

অসমীয়া ভাষা আৰু জাতিলৈ এতিয়া সংকট। বলৱৎ হ'ব কিছুদিনৰ পাছতে "কা"। তৃতীয় শ্ৰেণীৰ পৰা গণিত, বিজ্ঞান পঢ়িব লাগিব ইংৰাজীত। তেনে সময়ত অসমীয়া ভাষাৰ অস্তিত্বৰ প্ৰতি নামি অহা ভাবুকিত শংকিত বহু অসমীয়া।

সাত সাগৰ তেৰ নদীৰ দূৰৈত থাকিও অসমীয়া ভাষাৰ ভৱিষ্যতৰ প্ৰতি উদ্বিগ্ন প্ৰবাসী অসমীয়াই এই গীতটো শ্বেয়াৰ কৰি কমল কটকীৰে কথা পাতিছে। অসমীয়া প্ৰতিদিন ডিজিটেলক জানিবলৈ দিয়া মতে এই পুৰণি গীতটোৰ সন্দৰ্ভত বিদেশৰ পৰা বহুকেইজন অসমীয়াই যোগাযোগ কৰিছে। ফোনযোগে সুধিছে গীতটোৰ কথা। লণ্ডন, ডুবাই, ৱাছিংটনৰ পৰা গীতটোৰ সন্দৰ্ভত ফোন কৰিছে।

প্ৰথম অৱস্থাত গীতটোৱে ইমান সঁহাৰি পোৱা নাছিল। অসমীয়া ভাষা, জাতি, মাটি আৰু ভাষাক লৈ লিখা গীতটো সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছিল। এদিন লক্ষ্মীনাথ বেজবৰুৱাই ভাষালৈ নামি অহা এই সংকটৰ সময়ত ভাষাক উদ্ধাৰ কৰিবলৈ অসমীয়াক সতৰ্ক কৰি দিছিল হাতত কলম তুলি লৈ।

ইংৰাজৰ শাসন কালত অসমীয়া ভাষাৰ প্ৰথমখন অভিধান আৰু ব্যাকৰণ লিখি হেমচন্দ্ৰ বৰুৱাই জাতি আৰু বুনিয়াদ গঢ়িছিল। অম্বিকাগিৰি, বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আছিল অসমীয়া ভাষা সংস্কৃতিৰ ৰূপকাৰ। ভূপেন হাজৰিকাই গীতৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যক বিশ্বৰ দৰবাৰলৈ নিছিল। গুৰুজনাই অসমীয়া সমাজ জীৱনৰ আৰু অসমীয়া জাতিৰ আধাৰ গঢ়িছিল। তেন এক ঐতিহ্যশীল জাতিৰ বাবে এয়া সচাই সন্ধিক্ষণ। লাচিতৰ ইতিহাসে আমাৰ ৰিঙিয়াই। শক্তিশালী মোগলক পৰাস্ত কৰা এই জাতিৰ বাবে এতিয়া পুনৰ এখন যুদ্ধৰ সময় আহিছে। জাতিৰ স্বাৰ্থত, ভাষাৰ স্বাৰ্থত সেই যুঁজ দিব লাগিব প্ৰতিজন অসমীয়াই।

সেই আহ্বানেই আছে এই গীতত। সেয়েহে আজি হঠাৎ প্ৰাসংগিক হৈ পৰিছে "আহ ঐ আহ" শীৰ্ষক গীতটি। ইজনৰ পৰা সিজনলৈ প্ৰেৰণ কৰা হৈছে গীতটোৰ ভিডিঅ'। গীতৰ কথাবোৰেই যেন এক সতৰ্কবাণী – "শৰাইঘাটেৰে গৰ্বিত আমি/ অসমী জননী বহু বীৰ প্ৰসবিনী/ মহান ভাৰতৰ অংগ আমি…/ শংকৰ, মাধৱ আৰু বিষ্ণু, জ্যোতি/ জাতিৰ ৰখিয়াৰ আমিয়ে নাতি/ সকলোৱে মিলিজুলি শ্ৰম আৰু ঘাম ঢালি/ জাতি-মাটি-ভেটি ৰাখিম বুলি/ পণ লৈ আগুৱাব লাগিবই লাগিবই লাগিবই…" এই গীতটোৱে এতিয়া ভাইৰেল হৈছে হোৱাটছএপে হোৱাটছএপে। কিয়নো এতিয়া ভাষা সংকটত, কৃষ্টি সংকটত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in