"ষ্টাণ্ট মেন"ৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষীৰ অভিযান...

"ষ্টাণ্ট মেন"ৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষীৰ অভিযান...

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনাৰ ৰাজপথত জনজীৱন সন্ত্ৰস্ত কৰি বিপদজনক ভাবে তীব্ৰ বেগত দুচকীয়া আৰু চাৰি চকীয়া বাহন চলোৱা উদণ্ড চালকৰ বিৰুদ্ধে তীব্রতৰ অভিযান আৰম্ভ কৰিছে ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে। প্ৰধানতঃ ঢকুৱাখনাৰ সদা ব্যস্ত ৰাজ্যিক ঘাই পথত একাংশ উদণ্ড কিশোৰে পঞ্জীয়ন বিহীন বিলাসী বাহন আৰু পঞ্জীয়নকৃত বাহনৰ নম্বৰ প্লেট খুলি ভয়াৱহ আৰু বিপদজনক গতিত "ষ্টাণ্ট" কৰি সন্ত্ৰাস চলাই আহিছে।

শেহতীয়া ভাৱে এনে উদণ্ড "ষ্টাণ্ট মেন"ৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষীয়ে আৰম্ভ কৰি দিছে তীব্রতৰ অভিযান। ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়, জ্যেষ্ঠ উপ পৰিদর্শক দীনেশ মেধি আৰু সিদ্ধাৰ্থ নাথৰ নেতৃত্বত সমগ্ৰ থানা এলেকাত আৰম্ভ হৈছে এই অভিযান। তাৰেই অংশ হিচাবে বৃহস্পতি বাৰে বিয়লি ঢকুৱাখনা এলেকাত অভিযান চলাই ১০ খন এনে বিলাসী বাইক জব্দ কৰি "নন এফ আই আৰ" গোচৰ পঞ্জীয়ন কৰিছে ।

কোনো ধৰণৰ যান বাহন আইন মানি নচলা, চালকৰ অনুজ্ঞাপত্ৰ নথকা এনেবোৰ উদণ্ড নৱ প্ৰজন্মৰ বাইক চালকে নিজৰ কু কৰ্ম ঢাকিবলৈ আৰক্ষীৰ চকুত ধূলি দিবতীব্ৰ গতিত পলায়ন কৰিবলৈ পঞ্জীয়ন নম্বৰ প্লেট খুলি লোৱাৰ লগতে একাংশই উচ্চ শব্দ প্ৰাবল্যৰ "ছাইলেন্সাৰ" লগাই জনজীৱন বিপৰ্যস্ত কৰি আহিছিল।

আৰক্ষীয়ে জব্দ কৃত বাহন সমূহ সদৰ থানাত ৰাখি যাবতীয় নথিপত্ৰ জমা দিয়াৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। তাৰোপৰি ঢকুৱাখনা সদৰত অবৈধ ভাৱে যান বাহন পাৰ্কিং কৰি স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰা বহু সংখ্যক বাহনৰ গৰাকীক জৰিমনা বিহে ঢকুৱাখনা আৰক্ষীয়ে । ঢকুৱাখনা থানাৰ সদৰ হাবিলদাৰ তিলক শইকীয়াই ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰাৰ উপস্থিতিত চলোৱা অভিযান কালত বৃহস্পতিবাৰে নগৰৰ "ন পাৰ্কিং" এলেকাত বিশৃংখল ভাৱে যান বাহন ৰখোৱা অপৰাধত জৰিমনা বিহে ।

সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰয়ে যান বাহনৰ পঞ্জীয়ন প্লেট দৃশ্যমান কৰি ৰখা, শব্দ প্ৰদূষণ সৃষ্টি কাৰী উচ্চ শব্দ প্ৰাবল্যৰ "চাইলেন্সাৰ পাইপ" সংযুক্ত নকৰিবলৈ অন্তিম বাৰৰ বাবে সকীয়াই দি এই আইন বিৰোধী কাৰ্যৰ বিৰুদ্ধে নিৰবিছিন্ন অভিযান চলিব বুলি জানিবলৈ দিয়ে । তাৰোপৰি যুৱ প্ৰজন্মৰ যিকোনো ৰাজপথত অথবা ৰাজহুৱা স্থানত বাইক আৰু গাড়ী তীব্ৰ বেগত চলাই বিপদজনক "ষ্টাণ্ট" কৰা উন্নাসিক মানসিকতা পৰিত্ৰাণ কৰি এনে আইন বিৰোধী কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই । অন্যথাই কঠোৰ আইনসংগত বিধি ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নী দিছে আৰক্ষী বিষয়া গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in