একেখন আৰক্ষী থানাত ৩ বছৰ ধৰি কৰ্মৰত সকলো বিষয়া, জোৱানক বদলিৰ নিৰ্দেশ...

একেখন আৰক্ষী থানাত ৩ বছৰ ধৰি কৰ্মৰত সকলো বিষয়া, জোৱানক বদলিৰ নিৰ্দেশ...
একেখন আৰক্ষী থানাত ৩ বছৰ ধৰি কৰ্মৰত সকলো বিষয়া, জোৱানক বদলিৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ আৰক্ষী অধীক্ষকসকললৈ বিশেষ নিৰ্দেশনা। অসম আৰক্ষীত ব্যাপক সংস্কাৰৰ উদ্দেশ্যৰেই প্ৰতিখন আৰক্ষী থানা, আৰক্ষী চকী, সীমান্ত আৰক্ষী, যান-বাহন আৰক্ষীকে ধৰি সকলোতে থকা আৰক্ষীৰ বিষয়ে বিচাৰিছে ৰিপ'ৰ্ট।

একেটা স্থানতে ৩ বছৰতকৈ অধিক সময় একেৰাহে কৰ্মৰত প্ৰতিজন বিষয়া, জোৱানক শীঘ্ৰেই কৰিব লাগিব বদলি। গৃহৰক্ষী জোৱানৰ পৰা আৰম্ভ কৰি অসম আৰক্ষীৰ জোৱান, উপ-পৰিদৰ্শক, পৰিদৰ্শক সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম।

আৰক্ষী অধীক্ষকসকলে এনে বিষয়া, জোৱানসকলক শীঘ্ৰেই বদলি কৰি এই বিষয়ে আৰক্ষী সঞ্চালক প্ৰধানক ৰিপ'ৰ্ট দাখিল কৰিব লাগিব।

ইয়াৰোপৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জিলাৰ আৰক্ষী অধীক্ষকসকলক একেখন আৰক্ষী থানাতে ৭ বছৰ ধৰি একেটা পদবীতে কৰ্মৰত উপ-পৰিদৰ্শক বা তাতোকৈ ওপৰৰ ৰেংকৰ বিষয়াসকলৰো এক তালিকা বিচাৰিছে। এই সন্দৰ্ভত জি পি সিঙক শীঘ্ৰেই দাখিল কৰিব লাগিব ৰিপ'ৰ্ট।

একেখন আৰক্ষী থানাত ৩ বছৰ ধৰি কৰ্মৰত সকলো বিষয়া, জোৱানক বদলিৰ নিৰ্দেশ...
প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত পুনৰ ভূঁইকঁপ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in