ঘোচ লোৱা আৰক্ষী বিষয়াক DGP ৰ 'উপহাৰ' ! ASI ৰ পৰা চিপাহীলৈ পদৰ অৱনতি...

ঘোচ লোৱা আৰক্ষী বিষয়াক DGP ৰ 'উপহাৰ' ! ASI ৰ পৰা চিপাহীলৈ পদৰ অৱনমিত...
ঘোচ লোৱা আৰক্ষী বিষয়াক DGP ৰ 'উপহাৰ' ! ASI ৰ পৰা চিপাহীলৈ পদৰ অৱনমিত...

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অসম আৰক্ষীয়ে সম্পন্ন কৰিলে বিভাগীয় পদোন্নতিৰ পৰীক্ষা। এই পৰীক্ষাত উত্তীৰ্ণ হৈ বহু আৰক্ষীয়ে বিষয়া পৰ্যালয়লৈ পদোন্নতি লাভ কৰাৰ সময়তে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকৰ পদ চিপাহীলৈ অৱনমিত হোৱা ঘটনাই এতিয়া বহুতকে আমোদ দিয়া দেখা গৈছে।

ক্ষমতাৰ অপব্যৱহাৰ কৰি এইগৰাকী আৰক্ষী বিষয়াই ধন উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। এই সন্দৰ্ভত তেওঁ টুইট কৰি সবিশেষ জনাইছে।

গোপাল দলে নামৰ এইগৰাকী সহকাৰী উপ-পৰিদৰ্শক তামুলপুৰৰ দৰঙামেলা আৰক্ষী চকীত কৰ্মৰত হৈ থকা অৱস্থাত উৎকোচ লৈ ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল। এই সন্দৰ্ভত গোপাল দলেৰ বিৰুদ্ধে এণ্টি কৰাপচন ব্যুৰু পুলিচ পাৰ্ছনেলত ৩৮/২০২২ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল।

এই গোচৰৰ আধাৰত বিভাগীয় ভাগে তদন্ত চলাই কৰ্তব্যত অসৎ আচৰণৰ বাবে সহকাৰী উপ-পৰিদৰ্শকৰ পদৰ পৰা অৱনমিত কৰি চিপাহীৰ পদ দিয়া হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষীৰ পোচাকত কলংকৰ দাগ লগোৱা বহু আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দৰেও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে তাৰ পাছতো বহু আৰক্ষীয়ে এতিয়াও ক্ষমতাৰ অপব্যৱহাৰ কৰিয়েই আছে।

ঘোচ লোৱা আৰক্ষী বিষয়াক DGP ৰ 'উপহাৰ' ! ASI ৰ পৰা চিপাহীলৈ পদৰ অৱনমিত...
সামৰণি পৰিল সদৌ অসম টাং চ্যু ড্যু চেম্পিয়নশ্বিপঃ শিৱসাগৰলৈ শ্ৰেষ্ঠ জিলাৰ খিতাপ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in