/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1400840c-ee06-41cd-b601-8192ce6d7f6f/tang_so_do.jpg)
সামৰণি পৰিল সদৌ অসম টাং চ্যু ড্যু চেম্পিয়নশ্বিপঃ শিৱসাগৰলৈ শ্ৰেষ্ঠ জিলাৰ খিতাপ...
ডিজিটেল ডেস্কঃ সফলতাৰে সমাপ্তি ঘটিল ১১ সংখ্যক সদৌ অসম টাং চ্যু ড্যু চেম্পিয়নশ্বিপ ২০২৩। অসম টাই চ্যু ড্যু সন্থাই গুৱাহাটীৰ নলাপাৰস্থিত ছেমফৰ্ড ফিউছাৰষ্টিক স্কুলত দুদিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ১৬ খন জিলাৰ কেইবা শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে।
২২ আৰু ২৩ জুলাইত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথম দিনটোত অসম টাং চ্যু ড্যু সন্থাৰ প্ৰয়াত গুৰু নৱজ্যোতি লাহনক স্মৰণেৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম অলিম্পিক সন্থাৰ সহ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সদস্য ক্ৰমে বিজু ৰাম, চোমা বৰুৱা, অসম টাং চ্যু ড্যু সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁই, সম্পাদক দেৱজিৎ গগৈৰ লগতে সন্থাৰ অন্যান্য বিষয়ববীয়াসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9a4d26ba-d61b-4f6c-a047-76de9f7ce5fc/3cb66ad0_b618_4663_b7ea_b61cfcc19fe5.jpg)
প্ৰতিযোগিতাখনত বিভিন্ন শাখাত ২৩ টা সোণ, ১৫ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ পদকৰ সৈতে শিৱসাগৰ জিলাই প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে ১২ টা সোণ, ৬ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদকৰ সৈতে কামৰূপ মহানগৰ জিলাই দ্বিতীয়স্থান লাভ কৰে। আনহাতে গোৱালপাৰাই শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ খিতাপ লাভ কৰিছে।
ইয়াৰোপৰি প্ৰতিযোগিতাখনত ল'ৰাৰ শাখত শ্ৰেষ্ঠ ৰেফাৰীৰ বঁটা লাভ কৰে অৰ্জুন চন্দ্ৰ দাস আৰু ছোৱালী শাখাত টিনামণি বৰাই। প্ৰতিযোগিতাখন ১১ বছৰ অনূৰ্ধ্ব শাখাত ছোৱালী শাখাত নলবাৰীৰ অন্নেশা ভৰদ্বাজ আৰু ল'ৰা শাখাত শিৱসাগৰৰ ৰাহুল আলিয়ে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a769750c-45ca-42a8-92dc-89ae846da99f/326a467e_e388_4cef_ace2_fa158e55750d.jpg)
সেইদৰে ১৪ বছৰ অনূৰ্ধ্ব শাখাৰ ছোৱালীৰ শিৱসাগৰৰ অনুৰাধা হাজৰিকা, ল'ৰাৰ কামৰূপ মহানগৰ জিলাৰ ক্লিণ্টন ভৰালী, ১৮ বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত মাজুলীৰ ৰুহিতা পেগু আৰু ল'ৰাৰ মুস্তাবা আহমেদে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ১৮ বছৰ উৰ্ধ্বৰ ল'ৰা শাখাত জিতু ভূঞাই লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a040494f-741e-48b8-ad77-cde5ba53f8ca/c8a0497f_28f4_489b_82ab_bac53904a945.jpg)
ডিব্ৰুগড় জিলাৰ খেলুৱৈসকলে নিজ নিজ গ্ৰুপত নিজৰ শ্ৰেষ্ঠ খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। উক্ত খেলখনত প্ৰাক্তন টাং চ্যু ড্যু খেলুৱৈ তথা প্ৰশিক্ষক ক্ৰমে ৰমেশ কুমাৰ থাপা আৰু গান্ধী চাংমা উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5110805c-87ba-4f0e-a310-fa5653b0e935/f6da0c6f_ff10_4597_89d9_147abd9c4adf.jpg)
প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম টাং চ্যু ড্যু সন্থাৰ প্ৰাক্তন সভাপতি গৌতম বৰা। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত আই টি এফ টাং চ্যু ড্যু স্প'ৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ সভাপতি মনোৰঞ্জন বৰগোহাঁই আৰু সম্পাদক দেৱজিৎ গগৈয়ে সকলো খেলুৱৈ, অভিভাৱক তথা সন্থাৰ সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/66af194b-d3a3-4dcd-8f92-cdb89ac7dcc3/70369dcb_874c_417d_beae_58e70c9b6156.jpg)
Also Read: লাখ লাখ ভাৰতীয়ই দেশ এৰিছে কিয় ? দেশপ্ৰেমহীনতা নে আন কিবা ?