/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bcf18393-ac0c-4d54-a6bc-1f53f1d929b8/AP_FOR_WEB_police.jpg)
চাকৰি এৰিব লাগিব পেটুৱা আৰক্ষীয়ে ! মুখ্যমন্ত্ৰীৰ পাছত ডিজিপিয়ে লৈছে পদক্ষেপ...
ডিজিটেল ডেস্কঃ মদাহী আৰক্ষীৰ পাছত এইবাৰ পেটুৱা আৰক্ষী ! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীত চলিব এতিয়া পেটুৱা আৰক্ষী হাতাও অভিযান। পেট কমাব নোৱাৰিলে আৰক্ষীয়ে বাধ্যতামূলক ভাৱে এৰিব লাগিব চাকৰি।
এই সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি টুইটাৰৰ জৰিয়তে পুনৰ প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত উল্লেখ কৰা অনুসৰি অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।
ইয়াৰ বাবে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বৃত্তিগত ভাৱে বডী মাছ ইনডেক্স চমুকৈ বি এম আই পৰীক্ষা অনুষ্ঠিত কৰিব। এই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ অৱতীৰ্ণ হ'ব লাগিব।
এই পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট মাহত। তাৰ বাবে প্ৰস্তুতি চলাবলৈ অসম আৰক্ষীৰ লোকসকলে মাজত ৩ মাহ সময় পাব। ১৬ আগষ্টত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে নিজেই প্ৰথমে এই পৰীক্ষাৰ সন্মুখীন হ'ব।
তাৰ পাছৰে পৰা পৰৱৰ্তী ১৫ দিনত সকলোৱে এই পৰীক্ষাত অৱতীৰ্ণ হৈ নিজৰ শাৰীৰিক সক্ষমতাৰ প্ৰমাণ দাঙি ধৰিব লাগিব। এই পৰীক্ষাত যিসকল পেটুৱা আৰক্ষী বি এম আই ৩০+ শাখাৰ অন্তৰ্ভুক্ত হ'ব তেওঁলোকে নিজৰ পেট কমাবলৈ পুনৰ অতিৰিক্ত ৩ মাহৰ সময় পাব।
তাৰ পাছতো যিসকলে এই পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব নোৱাৰে অথবা পেট কমাব নোৱাৰে তেওঁলোকে বাধ্যতামূলক ভাৱে অৱসৰ গ্ৰহণ কৰিব লাগিব। যিসকল আৰক্ষীৰ চিকিৎসাজনিত কাৰণৰ বাবে পেট ওলাইছে তেওঁলোকক অৱশ্যে ইয়াৰ পৰা ৰেহাই দিয়া হ'ব।
In line with directions of the Hon @CMOfficeAssam , @assampolice Hq has decided to go in for professional recording of Body Mass Index (BMI) of all Assam Police personnel including IPS/APS officers and all DEF/Bn/Organisations.
We plan to give three months time to all Assam…— GP Singh (@gpsinghips) May 16, 2023
Also Read: জোনমণিঃ এখন এজাহাৰেই কাল হ'ল নেকি?