আৰক্ষীৰ জালত মোবাইল টাৱাৰ মেৰামতি কৰিবলৈ অহা বহি: ৰাজ্যৰ দুই চোৰ

ধৃত চোৰ দুটাৰ নাম অক্ষয় কুমাৰ আৰু আকাশ চৌধুৰী
আৰক্ষীৰ জালত মোবাইল টাৱাৰ মেৰামতি কৰিবলৈ অহা বহি: ৰাজ্যৰ দুই চোৰ

ডিজিটেল সংবাদ,নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভোগপুৰ চাৰিআলিত সোমবাৰে সংঘটিত হয় এক চুৰিকাণ্ড। মোবাইলৰ টাৱাৰৰ কাম কৰিবলৈ অহা বহিঃৰাজ্যৰ দুজন লোকে সংঘটিত কৰে এই চুৰি কাণ্ড।

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত চুৰি কাণ্ডৰ লগত জড়িত দুজনক ইতিমধ্যে আটক কৰিছে নাৰায়ণপুৰ আৰক্ষীয়ে । জানিব পৰা মতে '' একমি'' নামৰ মোবাইল টাৱাৰ মেৰামতি কোম্পানীটোৰ হৈ কাম কৰিবলৈ আহিছিল চুৰি কাণ্ডৰ সৈতে জড়িত লোক দুজন।

ধৃত চোৰ দুটাৰ নাম অক্ষয় কুমাৰ আৰু আকাশ চৌধুৰী । তেওঁলোকৰ ঘৰ উত্তৰ প্ৰদেশত। আজি ভোগপুৰ চাৰিআলিস্থিত মোবাইল টাৱাৰটো মেৰামতিৰ বাবে আহিছিল দুয়োজন।

মেৰামতি কৰি থকাৰ মাজতে টাৱাৰত ব্যৱহৃত কিছু লোহাৰ সামগ্ৰী চুৰি কৰি বিক্ৰী কৰে কাৱাৰিত। স্থানীয় লোকে দেখা পাই টাৱাৰ কোম্পানীৰ লোকৰ লগতে নাৰায়ণপুৰ আৰক্ষীক অৱগত কৰে।

ঘটনা স্থলিত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ চুৰি সামগ্ৰী সহিতে আটক কৰে দুই চোৰক। বৰ্তমান চোৰ দুটা নাৰায়ণপুৰ আৰক্ষীৰ জিম্মাত আছে বুলি জনায়।

আৰক্ষীৰ জালত মোবাইল টাৱাৰ মেৰামতি কৰিবলৈ অহা বহি: ৰাজ্যৰ দুই চোৰ
গোলাঘাটত ধোঁৱাচাঙত গো-সুৰক্ষা আইন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in