নীলবাগানত বৃহৎ পৰিমানৰ গাঞ্জাসহ আটক মহিলা

ধৃত মহিলাগৰাকীক মোৰাঝাৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে

author-image
Asomiya Pratidin
New Update
নীলবাগানত বৃহৎ পৰিমানৰ গাঞ্জাসহ আটক মহিলা

ডিজিটেল সংবাদ,মোৰাঝাৰ : হোজাই জিলাৰ নীলবাগানত আৰক্ষীয়ে বৃহৎ পৰিমানৰ গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। মঙলবাৰে হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শশধৰ কলিতা আৰু অংকুৰ কাকতিয়ে এক গোপন খবৰৰ ভিত্তিত নীলবাগানত অভিযান চলায়।

Advertisment

এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। আটক কৰা মহিলাগৰাকীৰ ঘৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত মাটিখোলা গাঁওৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ এ এছ ০২ এ চি ৬৫৭৭ নম্বৰৰ টাটা মেজিক গাড়ীখনৰ পৰা দুটা বেগত জব্দ কৰে ৮ কেজি ২২গ্ৰাম গাঞ্জা।

উল্লেখ্য যে মেজিক গাড়ীৰে নীলবাগানৰ পৰা মোৰাঝাৰ অভিমূখে আহি আছিল মহিলা গৰাকী ৷ হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই গোপন খবৰ লাভ কৰাৰ পিছত সাধাৰণ পোচাকত প্ৰেৰণ কৰে দুগৰাকী আৰক্ষীক ৷

আৰক্ষীয়ে সাধাৰণ পোছাকত মেজিক গাড়ীখনত মহিলাগৰাকীৰ কাষতে বহি আহি নীলবাগানত গাঞ্জাসহ আটক কৰে মহিলাগৰাকীক ৷ ধৃত মহিলাগৰাকীয়ে গাঞ্জাখিনি ডিমাপুৰৰ পৰা আনিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে ৷ ধৃত মহিলাগৰাকীক মোৰাঝাৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Also Read: টিহুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

Assam police crime