টিহুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

প্ৰতিযোগিতাবোৰত টিহু খণ্ড উন্নয়ন অঞ্চলৰ ২০খন শিক্ষানুষ্ঠানৰ ৩০০ৰো অধিক শিক্ষাৰ্থীয়ে অংশ লয়

author-image
Asomiya Pratidin
New Update
টিহুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰী : টিহুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত টিহু হাইস্কুলত মঙলবাৰে বিজ্ঞান ভিত্তিক আৰ্হি,আকস্মিক বক্তৃতা, চিত্ৰাংকন আৰু ধাৰণা লিখা প্ৰতিযোগিতা সম্পন্ন হয়। প্ৰতিযোগিতাখন অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত আয়োজন কৰা হয়।

Advertisment

উক্ত প্ৰতিযোগিতাবোৰত টিহু খণ্ড উন্নয়ন অঞ্চলৰ ২০খন শিক্ষানুষ্ঠানৰ ৩০০ৰো অধিক শিক্ষাৰ্থীয়ে অংশ লয়। প্ৰতিযোগিতাবোৰ সমাপন হোৱাৰ পাছত বিশিষ্ট শিক্ষাব্ৰতী প্ৰমোদ ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় বঁটা বিতৰণী সভা।

ঘোষিত ফলাফল অনুসৰি বিজ্ঞান ভিত্তিক আৰ্হি প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে শংকৰদেৱ বিদ্যা নিতেনৰ শিক্ষাৰ্থী ধৃতিৰাজ চৌধুৰী আৰু মমী শৰ্মা, দ্বিতীয় টিহু ছোৱালী হাইস্কুলৰ শিক্ষাৰ্থী অলিভিয়া পাঠক আৰু হৃষিতা কলিতা, তৃতীয় হাৰিভাঙা হাইস্কুলৰ শিক্ষাৰ্থী জুমন বৰ্মন আৰু শান্তনু কলিতাই।

চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথমস্থান লাভ কৰে বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী কুনাল কিশোৰ তালুকদাৰ, দ্বিতীয় বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী নিকিতা ডেকা আৰু তৃতীয় শংকৰদেৱ বিদ্যা নিতেনৰ শিক্ষাৰ্থী মৃত্তিকা শৰ্মাই। আনহাতে আকস্মিক বক্তৃতা প্ৰতিযেগিতাত প্ৰথম হাৰিভাঙা হাইস্কুলৰ শিক্ষাৰ্থী শান্তনু কলিতা, দ্বিতীয় নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী জৱালিকা ডি কাশ্যপ আৰু তৃতীয়স্থান লাভ কৰে বিবেকানন্দ বিদ্যা নিকেতনৰ ভাৰ্গৱ শৰ্মাই। এই আটাইকেইগৰাকীকে মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়।

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ সমন্বয়ক অণিমা কলিতা ডেকাই আঁত ধৰা এই অনুষ্ঠানটোত নলবাৰী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ মহন্ত, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, সাংবাদিক অজিত কুমাৰ শৰ্মা আৰু সমাজকৰ্মী মাধৱ শৰ্মাই শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে।

টিহু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ অতনু নাথ, বিজ্ঞানকৰ্মী-শিক্ষক হিতেশ মেধি, টিহু হাইস্কুলৰ শিক্ষক সুৰজিৎ ডেকা আৰু দিপু ডেকা আৰু নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আবু হাছনাই বিশেষভাৱে সহযোগ কৰা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ ২০২২ বৰ্ষত বাছনি হোৱা টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী দৰ্শিত কাশ্যপ আৰু প্ৰাচুৰ্য হালৈক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে ২০১৯, ২০২০, ২০২১ আৰু ২০২২ বৰ্ষত টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰপৰা ৮গৰাকী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ একেৰাহে ৪বাৰ বাছনি হৈ নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। ইফালে পুৱাৰ ভাগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ সমন্বয়ক অণিমা কলিতা ডেকাই পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছতে টিহু হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জু ৰাণী তালুকদাৰ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ সভাপতি দীপালি ডেকাই গছপুলি ৰোপণ কৰে।

Also Read: ডিমৰীয়া ইনষ্টিটিউত অৱ মেডিকেল ছায়েন্সত বিনামূলীয়া স্বাস্থ্য শিবিৰ

competitions