টেঙাখাত আৰক্ষীৰ সাফল্যঃ পুনৰ নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আটক

টেঙাখাত আৰক্ষীৰ সাফল্যঃ পুনৰ নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ, টেঙাখাতঃ বৃহৎ টেঙাখাত অঞ্চলত বিভিন্ন নিচাযুক্ত সামগ্ৰী চোৰাং ব্যৱসায় চলি থকাক লৈ ব্যাপক চৰ্চিত হৈ থকাৰ মাজতে সোমবাৰে টেঙাখাত আৰক্ষীয়ে এটা নিচাযুক্ত সামগ্ৰী সৰবৰাহককাৰীক ধৰি এক সাফল্য লাভ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰৰ মৰ্মে - সোমবাৰে সন্ধিয়া প্ৰায় ৫-৩০ বজাত টেঙাখাতত মটৰ চাইকেলত অহা এজন যুৱকে অবৈধ নিচাযুক্ত সামগ্ৰী যোগান ধৰিবলৈ উপস্থিত হোৱা বুলি বিশেষ সূত্ৰৰ যোগে জানিব পাৰি আৰক্ষী সষ্টম হৈ পৰে ।

অৱশ্যে উক্ত যুৱকজনে সেই কথা জানিব পাৰি পলায়ন কৰে। লগে লগে টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ দাসৰ নেতৃত্বত এটি আৰক্ষী আৰু বেটেলিয়ন বাহিনীয়ে তেওঁক পিচা কৰি খেদি গৈ প্ৰায় আঠ কিলোমিটাৰ দূৰৰ ৰজাআলিত এ এচ০৬ -এল-৭৫৬০ নম্বৰৰ এখন ক'লা ৰঙৰ পালচাৰ মটৰ চাইকেল সহ আটক কৰি টেঙাখাত আৰক্ষী থানালৈ আনে ।

আটকাধীন উক্তনিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীটো নাহৰকটীয়াৰ চাচনী গজপুৰীয়াৰ নিবাসী দিলীপ বৰুৱাৰ পুত্ৰ টিটু বৰুৱা (৩৩) বুলি চিনাক্ত কৰিছে। আৰক্ষীয়ে আটকাধীন টিটু বৰুৱাৰ পৰা ১৩.১০ গ্ৰাম সন্দেহযুক্ত হেৰইন, এটা এনড্ৰইড ম'বাইল ফোন জব্দ কৰিছে।

আৰক্ষীয়ে জনোৱামতে তেওঁ ইয়াৰ পূৰ্বতেও দুলিয়াজানত একেই ঘটনাত আটক হৈছিল । ইফালে আটকাধীন টিটু বৰুৱাৰ ওপৰত টেঙাখাত আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অধিক তদন্ত কৰি মঙ্গলবাৰে তেওঁক নিৰ্দিষ্ট ধাৰাত ডিব্ৰুগড়স্থ কাৰাগাৰালৈ প্ৰেৰণ কৰা হ'ব বুলি টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ দাসে অৱগত কৰে ।

টেঙাখাত আৰক্ষীৰ সাফল্যঃ পুনৰ নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীক আটক
জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ অসম সাহিত্য সভাৰ বিশ্ব মহাবীৰ চিলাৰায় সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in