কৰ্মই মানুহক মানুহৰ ওচৰ চপাই নিয়ে। ব্যক্তিৰ কৰ্মৰ দ্বাৰাই জোখা হয় তেওঁৰ ব্যক্তিত্ব। নেতা হোৱাৰ মন থাকিলেই নেতা হ'ব নোৱাৰি। লাগে মাথো নিষ্ঠা,সততা,ধৈৰ্য,সহ্য,সাহস আৰু নেতৃত্ব দিয়াৰ ক্ষমতা। অৱশ্যে নেতৃত্বৰ বাবে সকলো যোগ্যতা থাকিলেও মানুহৰ অন্তৰত স্থান পাবলৈ লাগে আৰু বহু কিবাকিবি।
এই কিবাকিবিখিনি থকাৰ বাবেই সকলোৰে হৃদয়ত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল সকলোৰে প্ৰিয় ৰমুদা ওৰফে প্ৰণৱজিৎ চলিহাই। ইতিহাস প্ৰসিদ্ধ শিৱসাগৰত জন্মলাভ কৰা সিংহপুৰুষ প্ৰণৱজিৎ চলিহা আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এজন আগশাৰীৰ নেতা।
তেওঁৰ বজ্ৰ কণ্ঠত ৰাজপথলৈ ওলাই আছিল হাজাৰ হাজাৰ জনতা। ১৯৭৭ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে শিৱসাগৰত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল। এই সভাতে ইন্দিৰা গান্ধীয়ে ভাষণৰ মাজত অসম বিৰোধী মন্তব্য কৰাৰ বাবে প্ৰচণ্ড জাতীয়তাবাদী চিন্তাৰে পুষ্ট কিশোৰ ছাত্ৰ ৰমু চলিহাই প্ৰধানমন্ত্ৰীৰ হাতৰ পৰা মাইক্ৰ'ফোন কাঢ়ি আনি একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছিল।
অন্তৰত অগাধ জাতিপ্ৰেম থকা ৰমুদাই অসম আন্দোলনৰ অন্তিম পৰ্যায়লৈ ছাত্ৰ সন্থাৰ দৰে বৃহৎ জাতীয় সংগঠনক সন্মুখৰ পৰা নেতৃত্ব দিও গ্ৰহণ কৰা নাছিল কোনো গুৰুত্বপূৰ্ণ পদৱী। তেওঁৰ চিন্তা আছিল- ছাত্ৰইহে ল'ব লাগে ছাত্ৰ সন্থাৰ দায়িত্ব।
তাৰ পিছতে ভৃগু কুমাৰ ফুকনক দিয়া হৈছিল সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেতিয়াৰ ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তই লৈছিল সভাপতিৰ দায়িত্ব।
এয়াই আছিল তেওঁৰ চিন্তা। নাছিল ক্ষমতাৰ প্ৰতি কোনো লোভ,ঈৰ্ষা অথবা আত্ম-অহংকাৰ। এনেবোৰ গুণৰ আকৰ হোৱাৰ বাবে প্ৰতিগৰাকী অসমীয়াৰ কোহে- কোহে স্থান লাভ কৰিছিল ৰামুদা নামৰ সত্তাটোই।
চৰ্চা হৈছে অসম আন্দোলনৰ সময়ছোৱাত ৰমুদাৰ জীৱনৰ ভৰদুপৰীয়া ১২৭ বাৰকৈ খাটিছিল কাৰাবাস। আৰক্ষী-সামৰিক বাহিনীৰ নিৰ্মম অত্যাচাৰত খহি যাও খহি যাও হৈছিল ৰমুদাৰ কামিহাড়।
তথাপি স্থিতপ্ৰজ্ঞ ৰমুদা। জাতিৰ লগত কৰা নাছিল বিশ্বাসঘাতকতা। গ্ৰহণ কৰা নাছিল সুযোগ অথবা সুবিধাবাদীৰ চৰিত্ৰ। জীৱনৰ শেষ সময়লৈকে সিংহপুৰুষ ৰমুদাৰ বুকুত ৰিণি ৰিণি বাজি আছিল অসম আৰু অসমীয়াৰ মৰম আৰু ভালপোৱা। আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ অক্লান্ত সেনানী আছিল তেওঁ।
২০১৮ চনতেই শেষবাৰৰ বাবে ৰাজহুৱা অনুষ্ঠানত ভাগ ল'বলৈ ঘৰৰ পৰা শিৱসাগৰ চহৰলৈ ওলাই আহিছিল এইগৰাকী জাতীয়তাবাদী নেতা। তাৰ পাছৰে পৰা স্ব-গৃহতেই পাৰ কৰিছিল সময়।
লাহে লাহে চকুৰে মনিব নোৱাৰা হৈ আহিছিল তেওঁ। লিখিবলৈয়ো কঁপি উঠিছিল তেওঁৰ হাতখন। পুৱা স্বভাৱগতভাৱে লৈছিল কাকতত প্ৰকাশিত ৰাজ্যৰ খবৰবোৰ। পত্নীয়ে নিতৌ পুৱা পঢ়ি শুনাইছিল অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত খবৰসমূহ।
এইদৰেই চলি আহিছিল স্বাভাৱিক জীৱন। অসুস্থতাৰ বাবে মাজে-মধ্যে গৈছিল হাস্পতাললৈ। ২০১৮ৰ পাছত ২০২৩ৰ ছেপ্তেম্বৰৰ ১৪ তাৰিখে পুনৰ শিৱসাগৰ চহৰলৈ ওলাই আহিল তেওঁ। তেওঁৰ কাষত থিয় দিলে সমগ্ৰ শিৱসাগৰবাসী।
স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰিল চহৰখনৰ দোকান-পোহাৰ,ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। অৱশ্যে এইবাৰ তেওঁ গুজৰি-গুমৰি নহয়,নিথৰ হৈহে আহিল চহৰখনলৈ। এয়াই ৰমুদা।
অসম আন্দোলনত নেতৃত্ব দি সৰ্বস্ব হেৰুৱাইছিল এইগৰাকী আপোচবিহীন নেতাই। এই সময়ছোৱাত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায়বোৰ কাৰাগাৰতে বন্দী হ'বলগীয়া হৈছিল তেওঁ। ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কোনো দিনেই মন্ত্ৰী-বিধায়কৰ ওচৰত হাত নপতা ৰমুদাৰ চিৰদিনৰ বাবে স্তিমিত হৈ ৰ'ল তেওঁৰ বজ্ৰ কণ্ঠ।
মৃত্যুৰ বহু পূৰ্বেই নিজৰ দুই সন্তান কাৰ্বি চলিহা আৰু শৃংখল চলিহাক দি গ'ল জাতীয়তাবাদৰ শিক্ষা। যি শিক্ষাৰ চানেকী স্পষ্ট হৈ পৰিছে দুই সন্তানৰ কাম-কাজত। সেই শিক্ষাৰ বলতেই নিজ পিতৃৰ নশ্বৰ দেহৰ কাষত অন্তিমবাৰৰ বাবে কাৰ্বি-শৃংখলে আওৰালে- 'বাই বাই টাইগাৰ। শৌৰ্য হোৱা,বীৰ্য হোৱা/জাতিৰ নতুন সূৰ্য্য হোৱা। হ'ব পাৰো দুখীয়া/ আমি কাৰো গোলাম নহয়/ আঁঠুকাঢ়ি অধিকাৰ খোজা/আমাৰ নিয়ম নহয়।'