বকোত ৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব কামৰূপ জিলা ৰাভা সন্থাৰ লগতে পাচ সংগঠনৰ বাৰ্ষিক অধিৱেশন

জাকজমকতাৰে সজাই তোলা হৈছে জননেতা বকোৰ সব্যসাচী ৰাভা ছৗমৗৰছিনিদাম ক্ষেত্ৰ
বকোত ৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব কামৰূপ জিলা ৰাভা সন্থাৰ লগতে পাচ সংগঠনৰ বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, ছমৰীয়া : কামৰূপ জিলাৰ বকোত আজিৰে পৰা তিনি দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক,কামৰূপ জিলা মহিলা সমিতিৰ একাদশ দ্বি-বাৰ্ষিক,বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ পঞ্চদশ দ্বি-বাৰ্ষিক,বকো আঞ্চলিক ৰাভা মহিলা পৰিষদৰ দ্বাদশ দ্বি বাৰ্ষিক আৰু বকো আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ পঞ্চম ত্ৰি-বাৰ্ষিক অধিবেশন।

ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ এই অধিবেশনক লৈ ব্যাপক আয়োজন কৰা হৈছে বকোৰ জননেতা সব্যসাচী ৰাভা ছৗমৗৰছিনিদামত। এই অধিবেশনৰ আজি অৰ্থাৎ শুক্ৰবাৰৰ প্ৰথমটো কাৰ্যসূচী মুখ্য আদৰণি তোৰণ উদ্ধোধন কৰিব ৪৮ নং বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে।

ইয়াৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উদ্ধোধন; অতিথিশালা উদ্ধোধন; শ্বহীদ সুবান ৰাভা সোৱৰণি কুইজ প্ৰতিযোগিতা; শ্বহীদ সুবান ৰাভা সোঁৱৰণি তৰ্ক প্ৰতিযোগিতা; বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,বকো আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু বকো আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰতিনিধি পঞ্জীয়ন; ভোজনালয় মুকলি; বকো আঞ্চলিক ARSU,ARWC আৰু SSDC ৰ প্ৰতিনিধি কক্ষ মুকলি; বকো আঞ্চলিক ARSU,ARWC আৰু SSDC ৰ প্ৰতিনিধি সভা।

৪ ফেব্ৰুৱাৰী শনিবাৰৰ কাৰ্যসূচী সমুহ - পুৱা ৭ বজাত চাহ-জলপান; ৮.৩০ বজাত ARSU আৰু ARWC ৰ পতাকা উত্তোলন; ৯.৩০ বজাত স্বহীদ তৰ্পন; ১০ বজাত জননেতা সব্যসাচী ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন; ১০.৩০ বজাত গছপূলি ৰোপন; ১১ বজাত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা আৰু কামৰূপ জিলা মহিলা পৰিষদৰ প্ৰতিনিধি পঞ্জীয়ন; ১১.৩০ বজাত আলোচনা চক্ৰ আৰু গ্ৰন্থ উন্মোচনী সভা; ১২ বজাত আহাৰ গ্ৰহন; আবেলি ১ বজাত KDC/ARSU আৰু KDC/ARWC ৰ প্ৰতিনিধি শিবিৰ মুকলি; ২ বজাত KDC/ARSU আৰু KDC/ARWC ৰ প্ৰতিনিধি সভা; সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন; ৬ বজাত সাংস্কৃতিক মঞ্চ মুকলি।

৫ ফেব্ৰুুৱাৰী দেওঁবাৰ তথা অন্তিমটো দিনৰ কাৰ্যসূচী সমূহ- ৰাতিপুৱা ৭ বজাত চাহ-জলপান; ৯ বজাত বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব অসমৰ বিশিষ্ট অভিনেতা যতীন বৰাই; ১১ বজাত আহাৰ গ্ৰহন; দিনৰ ১২ বজাত অনুষ্ঠিত হ'ব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

বিশিষ্ট অতিথি হিচাপে কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লী, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি তথা বহুকেইটা দল সংগঠনৰ মুৰব্বী উপস্থিত থাকিব।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন; সন্ধিয়া ৬ বজাৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে নিশা ১২ বজাত ৰাভা জাতীয় সংগীতেৰে এই অধিবেশৰ অনুষ্ঠানৰ সামৰণি পৰিব।

উল্লেখ্য যে প্ৰাপ্ত তথ্য অনুসৰি এই অধিবেশৰ লগত সংগতি ৰাখি ৪ ফেব্ৰুুৱাৰী শনিবাৰে নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষন উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলী দাসে সংগীতানুষ্ঠান পৰিবেশন কৰিব। এই অধিৱেশনৰ সমূহ কাৰ্যসূচীতে সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in