/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-2.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: কিছুদিন পূর্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত এটি চোৰাং চিকাৰীৰ দলে এটা জীৱিত গঁড়ৰ চেতনা নাশক দ্রব্য ব্যৱহাৰ কৰি খৰ্গ কাটি লৈ যোৱাৰ নৃশংস ঘটনাটি দৰং আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈছে ।
এই নৃশংস ঘটনাৰ লগত জড়িত সমাজ বিৰোধী লোক সকলৰ পৰিচয় আৰু আনুসাংগিক তথ্য যোগান ধৰা ব্যক্তি বা সংগঠনলৈ নগদ দুই লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলি দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰী ৰাজমোহন ৰায়ে জনাইছে ।
ইচ্ছুক ব্যক্তি বা সংগঠনে আৰক্ষী অধীক্ষক গৰাকীৰ ৯৪৩৫৭ ৪৬০৭৫ নং ফোনত জনাব পাৰিব আৰু এই সকল ব্যক্তি বা সংগঠনৰ পৰিচয় সম্পূর্ণ গোপন ভাৱে ৰখা হ'ব বুলিও আৰক্ষী অধীক্ষক শ্ৰী ৰাজমোহন ৰায়ে জানিব দিয়ে।
আৰু পঢ়ক: বাংলাদেশী সৰবৰাহকাৰীৰ আক্ৰমণত আহত কৰ্তব্যৰত বিএছএফ জোৱান