বাংলাদেশী সৰবৰাহকাৰীৰ আক্ৰমণত আহত কৰ্তব্যৰত বিএছএফ জোৱান

বাংলাদেশী সৰবৰাহকাৰীৰ আক্ৰমণত আহত কৰ্তব্যৰত বিএছএফ জোৱান

ডিজিটেল সংবাদ, মানকাচৰ: মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কালো নদীৰ পাৰত থকা দলং এখনত বাংলাদেশী গৰু সৰবৰাহকাৰীৰ দল এটাই বিএছএফক আক্ৰমণ কৰে। ঘটনাৰ বিৱৰণী অনুসৰি দলটোৱে বিএছএ জোৱান জনক দলঙৰ পৰা টানি নমাই নদীত ডুবাই হত্যা চেষ্টা কৰা ঘটনাই মানকাচৰ সীমান্তত পৰিস্থিত উত্তপ্ত হৈ পৰিছে।

উল্লেখযোগ্য যে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্প এলেকাৰ কালো নদীৰ ওপৰত থকা সীমান্তত দলঙৰ ওপৰত ৪৫ নং বেটেলিয়াৰ দ্বীনেশ চন্দ্ৰ যাদৱ নামৰ বিএছএফ জোৱান জনে টহল দি থকা অৱস্থাত ভাৰতৰ ফালৰ পৰা ৫ টা গৰু লৈ সৰবৰাহকাৰীৰ দল এটা সীমান্তত উপস্থিত হয়।

একে সময়তে বাংলাদেশৰ ফালৰ পৰা ঘাঁহ কটাৰ ছলেৰে ২০-২৫ জনীয়া দল এটা সীমান্তৰ কাষত উপস্থিত হয়। সেই সময়ত বৰষুণ হোৱাৰ সুযোগ লৈ কালো নদীৰ দলঙৰ তলেৰে গৰু কেইটা ভাৰতৰ ফালৰ পৰা সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফ জোৱান জনে বাধা প্ৰদান কৰে।

কিন্তু বাংলাদেশী সৰবৰাহকাৰীৰ দলটো টহলধাৰী বিএছএফ জোৱান জনক দাৰে ঘপিয়াই তেওঁৰ হাতত থকা ৰাইফল কাঢ়ি নি এজনৰ পাছত আনজন আক্ৰমণ কৰিবলৈ ধৰে। বিএছএফ জোৱান জনক টানি নদীত পেলাই ডুবাই হত্যা কৰাৰ চেষ্টা চলায়।

সেই সময়ত সীমান্তৱৰ্তী গাওঁবাসীয়ে কালো নদীৰ দলঙৰ তলেৰে ঘটনাস্থলীত উপস্থিত হৈ জোৱান জনক উদ্ধাৰ কৰি মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। বৰ্তমানে জোৱান জন সংকটমুক্ত যদিও উন্নত চিকিতসাৰ বাবে তেওঁক তুৰালৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি লোৱা হৈছে। এই ঘটনাৰ পাছতেই ৪৫ নং বেটেলিয়ান বিএছএফৰ কমাণ্ডেণ্ট তুৰাৰ প্ৰহৰী নগৰৰ পৰা মানকাচৰলৈ ৰওনা হৈছে। বিয়লিৰ ভাগত সীমান্তত উপস্থিত হৈ পৰিস্থিতৰ বুজ লব বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া বিষয় এয়া যে যোৱা ৯ মে' তাৰিখে এই কালো নদীৰ দলঙৰ ওপৰত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিএছএফৰ একাংশ শীৰ্ষ বিষয়া উপস্থিত হৈ সীমান্তৰ পৰিস্থিতৰ বুজ লৈ দলং খনৰ কাষতে থকা টাৱাৰত সীমান্ত সমস্যা সমাধানক লৈ এখন জৰুৰী আলোচনা কৰিছিল। ইয়াৰ পাছতেই আজি সেই একেটা স্থানত বিএছএফ জোৱান জনক আক্ৰমন কৰা ঘটনাই সমগ্ৰ জিলাজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in