২৪ ঘণ্টাত ১ কোটি গছপুলি ৰোপণেৰে অসমে গঢ়িব বিশ্ব ৰেকৰ্ড

২৪ ঘণ্টাত ১ কোটি গছপুলি ৰোপণেৰে অসমে গঢ়িব বিশ্ব ৰেকৰ্ড

ডিজিটেল ডেস্কঃ আকৌ বিশ্ব অভিলেখৰ প্রচেষ্টা অসম চৰকাৰৰ। এইবাৰ গছপুলি ৰুই অসম চৰকাৰে গঢ়িব বিশ্ব অভিলেখ।

মুঠ ৯টা বিশ্ব অভিলেখ গঢ়িবৰ চেষ্টা কৰিব চৰকাৰে। তাৰ ভিতৰত ৩টা নতুন অভিলেখ গঢ়িবৰ চেষ্টা কৰিব আৰু বাকী ৬টা পুৰণি অভিলেখ ভংগ কৰাৰ প্রচেষ্টা কৰা হ'ব।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ দল ইতিমধ্যে আহি পাইছে অসম। ৯ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ হ’ব অমিত বৃক্ষৰোপণ কাৰ্যসূচী। নলবাৰীৰ বানেকুছিত ৭৭৮ কোটি ব্যয়ৰে পেপচিয়ে গছপুলি ৰোপন হৈছে।

বৰ্তমানলৈ ৪৭,৩৪,৪৬৫ গৰাকীয়ে প’ৰ্টেলত পঞ্জীয়ন কৰিছে। ৯ ছেপ্টেম্বৰত ৩ লাখ গছপুলিৰে খানাপাৰাত বিশ্ব ৰেকৰ্ডৰ ব্যৱস্থা কৰিব চৰকাৰে।

১০ তাৰিখে গছপুলি বিতৰণ কৰি আন এক ৰেকৰ্ডৰ পদক্ষেপ গ্ৰহণ কৰিব। ১৭ তাৰিখে ২৪ ঘণ্টাত ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ড গঢ়িব।

১৪ তাৰিখে ওদালগুৰিত ২৪ ঘণ্টাৰ ভিতৰত গছপুলি ৰুই ৰেকৰ্ড,১৫ তাৰিখে নাহৰকটীয়াত ১ ঘণ্টাত গছপুলি ৰুই ৰেকৰ্ড, ১৭ তাৰিখে শিৱসাগৰত ৫০ হাজাৰৰ জৰিয়তে গছপুলি ৰোপনৰ ৰেকৰ্ড কৰা হ'ব।

২৪ ঘণ্টাত ১ কোটি গছপুলি ৰোপণেৰে অসমে গঢ়িব বিশ্ব ৰেকৰ্ড
মোডীলৈ ছোনিয়াৰ চিঠি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in