অসম আন্দোলনত নিৰ্যাতিত বৰবালিৰ খগেন দত্ত আজিও চৰকাৰী এককালীন সাহাৰ্যৰ পৰা বঞ্চিত...

১৯৮০ত কাৰাৰূদ্ধ হোৱা খগেন দত্ত আৰক্ষী চি আৰ পি এফৰ দ্বাৰা নিৰ্যাতনৰ বলি হোৱাৰ পিছতো নাম নাহিল তালিকাত

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনত নিৰ্যাতিত বৰবালিৰ খগেন দত্ত আজিও চৰকাৰী এককালীন সাহাৰ্যৰ পৰা বঞ্চিত...

ডিজিটেল সংবাদ, বান্দৰদেৱা : এইবাৰ চৰকাৰী বঞ্চনা প্ৰতাৰনাৰ বলি অসম আন্দোলনৰ লগত সক্ৰিয় ভাবে জৰিত একাংশ নিৰ্যাতিত। অসম চৰকাৰৰ চুক্তি ৰূপায়ন বিভাগৰ দ্বাৰা একাংশ বাতৰি কাকতত প্ৰকাশিত অসম আন্দোলনত বিশেষভাৱে আঘাতপ্ৰাপ্ত লোকৰ এখন তালিকা প্ৰকাশ পোৱাৰ পিছতে পোহৰলৈ আহিছে এই কথা।

উল্লেখ্য যে, ছয় বছৰীয়া অসম আন্দোলনত বহু আন্দোলনকাৰী কাৰাৰূদ্ধ হোৱাৰ লগতে আৰক্ষী চি আৰ পি এফৰ হাতত নিৰ্যাতন খাই গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল। স্থায়ীভাবে পংগুত্বৰ চিন মোকাম নেথাকিলেও বহু আন্দোলনকাৰীয়ে এতিয়াও শৰীৰত অত্যন্ত বিষ বেদনা লৈয়ে দিনকাল অতিবাহিত কৰিব লগা হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হল যে অসম চুক্তি ৰূপায়ণ বিভাগৰ দ্বাৰা আজি প্ৰকাশিত এককালীন সাহাৰ্যৰ তালিকাত এনে একাংশ লোকৰ কোনো নাম গোন্ধেই নাই।

লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ বৰবালি অঞ্চলৰ খগেন দত্ত নামৰ ব্যক্তি গৰাকীয়ে অসম আন্দোলনত আৰক্ষী চি আৰ পি এফ ৰ মাৰধৰ খাই গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও ১৯৮০ চনত লখিমপুৰ কাৰাগাৰত কাৰাৰূদ্ধ হৈ থাকিব লগীয়া হৈছিল। অসম আন্দোলনৰ নিৰ্যাতিতৰ প্ৰমাণ পত্ৰও আছে এই গৰাকী লোকৰ।আছে অগপকে ধৰি বহু দল সংগঠনৰ সম্বৰ্ধনা পত্ৰও।

বৰ্তমান শৰীৰত বিষ বেদনা লৈয়ে দৰিদ্ৰতাৰে সৈতে যুঁজ দি দিন অতিবাহিত কৰিব লগা হৈছে এই গৰাকী নিৰ্যাতিতই। চৰকাৰৰ উপৰিও নিৰ্যাতিত সকলৰ সংগঠনৰ ওচৰতো আবেদন নিবেদন কৰি ভাগৰি পৰা খগেন দত্তই এতিয়াও চৰকাৰৰ অনুগ্ৰহলৈ বাট চাই থাকিব লগীয়াত পৰিছে। চৰকাৰে যদিও অসম আন্দোলনত আঘাতপ্ৰাপ্ত লোকসকলৰ তালিকা প্ৰকাশ কৰিছে সেই তালিকাত দেখা গৈছে বিশেষ একো স্থায়ী আঘাত নথকা বহু লোকৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। বিপৰীতে খগেন দত্তৰ দৰে আৰক্ষী চি আৰ পি এফৰ মাৰধৰ খাই জীৱনলৈ শৰীৰত বিষ বেদনা লৈ দিন পাৰ কৰা প্ৰকৃত নিৰ্যাতিত সকলৰ প্ৰতি চৰকাৰ সদয় হব বুলিয়েই নিৰ্যাতন বলি খগেন দত্তৰ দৰে বহুজন আজিও আশাবাদী।

আৰু পঢ়ক : জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অনুমতি লাভ কৰিলে ব্ৰিটেইনৰ কুম্ব্ৰিয়া কয়লাখনিয়ে...

assam ASSAM GOVERNMENT