/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/23a46101-5c84-4992-8ed8-9a849d0bd643/BARAK_18.jpg)
বৰাকে মাতিছে বিপদঃ যিকোনো সময়তে চিঙিব পাৰে বেৰেংগা মথাউৰি...
ডিজিটেল সংবাদ শিলচৰ: ২০২২ চনত হৈ যোৱা সংহাৰী বানপানীৰ এইবাৰো পুনৰাবৃত্তি হ'ব নেকি শিলচৰত? সম্প্ৰতি এনে আশংকাই কৰিছে শিলচৰৰ বেৰেংগা এলেকাৰ স্থানীয় ৰাইজে।
বেৰেংগা নাথপাৰাত মথাউৰিৰ বৃহৎ অংশ এটা বৰাক নদীৰ খহনীয়াত জাহ যোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। যোৱা কেইবা বছৰ ধৰি অব্যাহত থকা বৰাক নৈৰ খহনীয়াত ইতিমধ্যে নাথপাৰাৰ কেইবাটাও ঘৰ নদীত জাহ যোৱাৰ পিচত সম্প্ৰতি মথাউৰি তথা যাতায়তৰ একমাত্ৰ পথটোও নদীত জাহ যোৱাৰ উপক্ৰম হৈছে।
ভৰ বাৰিষা বৰাকৰ জলস্তৰ বিপদ সীমা অতিক্ৰম কৰিলেই চিঙি যাব পাৰে ভগ্ন মথাউৰিটো। যদি মথাউৰিটো চিঙি যায়, তেন্তে বেতুকান্দিৰ বান্ধ ভঙাৰ পিচত ২০২২ চনত শিলচৰত হোৱা সংহাৰী বানৰ যে এইবাৰো পুনৰাবৃত্তি নহ'ব, তাত কাৰো সন্দেহ নাই।
অৱশ্যে, তেনে ঘটনা নহ'বলৈ জল সম্পদ বিভাগে বেৰেংগা নাথপাৰাৰ এই খহনীয়া প্ৰতিৰোধ কৰিবলৈ যুদ্ধকালীণ তৎপৰতাৰে কাম আৰম্ভ কৰিছে। কিন্তু বালিৰ বস্তাৰে মথাউৰিটো ৰক্ষা কৰা মুঠেও সম্ভৱ নহয় বুলি আশংকা কৰিছে স্থানীয় ৰাইজে।
Also Read: এমাহৰো অধিক দিন ধৰি নিৰুদ্দেশ তেজপুৰ মানসিক চিকিৎসালয়ৰ কৰ্মচাৰী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us