মেঘালয়ৰ ৭ খন জিলাত কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা...

অব্যাহত আছে অসম-মেঘালয়ৰ সীমান্ত অঞ্চল মুক্ৰত সংঘটিত হোৱা ঘটনাৰ উত্তপ্ত
meghalaya
meghalaya

ডিজিটেল ডেস্ক : উত্তপ্ত অসম-মেঘালয় সীমান্ত। যোৱা ২২ নৱেম্বৰৰ পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত চোৰাং কাঠ বেপাৰীক কৰায়ত্ত কৰাৰ সময়তে সংঘটিত হৈছিল উত্তপ্ত পৰিস্থিতি। ফলত দুয়োপক্ষৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয়।

সেই গুলীচালনাত মৃত্যু হয় অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ লগতে মেঘালয়ৰ ৫ আক্ৰমণকাৰীৰ। আৰু তাৰ পাছতেই আৰম্ভ হৈ পৰে এক হিংসাত্মক পৰিস্থিতিৰ। উল্লেখ্য যে মেঘালয়ত শনিবাৰে পুনৰ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।

জানিব পৰা মতে মেঘালয়ৰ ৭ খন জিলাত ব্যাহত হ’ব মোবাইল ইণ্টাৰনেট সেৱা। ৪৮ ঘণ্টাৰ বাবে জিলাকেইখনত ব্যাহত হ’ব মোবাইল ইণ্টাৰনেট সেৱা। আজিৰে পৰা মেঘালয়ত প্রযোজ্য হৈছে এই নিৰ্দেশনা। উল্লেখ্য যে মেঘালয় গৃহ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in