সীমান্তত সংঘৰ্ষ! মেঘালয়ৰ একাংশই মাইকযোগে উচতাইছিল স্থানীয় লোকক, গোচৰ ৰুজু

অভিযুক্ত মুক্র’ৰ গাঁওবুঢ়া হাম্বৈ আৰু জয়ন্তীয়া পাহাৰ জিলাৰ পৰিষদৰ সদস্য আইবৰ চাদাপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল ডেস্ক: মেঘালয়ৰ মুক্র’ কাণ্ডৰ দুই অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে জিৰিকিন্দিং আৰক্ষীয়ে । অভিযুক্ত মুক্র’ৰ গাঁওবুঢ়া হাম্বৈ আৰু জয়ন্তীয়া পাহাৰ জিলাৰ পৰিষদৰ সদস্য আইবৰ চাদাপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

Advertisment

অভিযোগ অনুসৰি গাঁওবুঢ়া হাম্বৈয়ে মুক্র’ৰ স্থানীয় লোকক আক্রমণৰ বাবে উচতাইছিল। মাইকযোগে আৰক্ষী-বন বিভাগৰ লোকসকলক আক্রমণৰ বাবে উচটাইছিল গাঁওবুঢ়াই। তাৰপাছতেই পৰিস্থিতি জটিল হৈ পৰিছিল। সম্প্রতি পলাতক আছে মুক্র’ৰ গাঁওবুঢ়া হাম্বৈ।

উল্লেখ্য যে, মঙলবাৰে অশান্ত হৈ পৰে অসম-মেঘালয় সীমান্ত। গুলীয়াগুলীৰ ফলত মুঠ ৬জন লোকৰ মৃত্যু হয়। তাৰপাছতেই অসমৰ বাহনত অগ্নি সংযোগো কৰে স্থানীয়লোকে। ঘটনা সন্দৰ্ভত অসমৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই যে এই ঘটনা কেন্দ্ৰীয় সংস্থাই তদন্ত কৰিব।

আৰু পঢ়ক: কিশোৰী ধৰ্ষণকাৰী ছইমুদ্দিন শ্বেখক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু...

conrad changma assam meghalaya himanta biswa sarma