প্ৰদেশ কংগ্ৰেছ উপ-সভাপতি ৰাজু চাহুৱে ত্যাগ কৰিলে দলীয় বিষয়বাব...

ডিব্ৰুগড়, তিনিচুকীয়া লৈ ভূপেন বৰাই একপক্ষীয় সিদ্ধান্ত লোৱাত অসন্তুষ্টি
প্ৰদেশ কংগ্ৰেছ উপ-সভাপতি ৰাজু চাহুৱে ত্যাগ কৰিলে দলীয় বিষয়বাব...
প্ৰদেশ কংগ্ৰেছ উপ-সভাপতি ৰাজু চাহুৱে ত্যাগ কৰিলে দলীয় বিষয়বাব...

ডিজিটেল ডেস্কঃ দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচন আহি পদুলিমুখ পালে যদিও অসম কংগ্ৰেছৰ ভিতৰৰ দলীয় বিবাদৰ অন্ত পৰা নাই। এজনৰ পিছত এজনকৈ নেতাই দল এৰাৰ সমান্তৰালকৈ দলীয় নেতৃত্বৰ প্ৰতি ৰাজহুৱাকৈ বিষোদগাৰ প্ৰকাশ কৰিছে।

একাধিক টিকট বঞ্চিত নেতাই দল এৰাৰ পিছত এইবাৰ দলটোৰ উপ-সভাপতি ৰাজু চাহুৱে তেওঁক গুৰুত্বহীন কৰাৰ অভিযোগত ত্যাগ কৰিলে দলীয় বিষয়বাব। প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু চাহুৱে এক পত্ৰৰ জৰিয়তে উপ-সভাপতি পদ ত্যাগ কৰিছে।

তেওঁৰ অভিযোগ ডিব্ৰুগড়-তিনিচুকীয়াক লৈ তেওঁ সভাপতি ভূপেন বৰাই সকলো সিদ্ধান্ত একপক্ষীয়ভাৱে গ্ৰহণ কৰিছে। তেওঁৰ সৈতে কোনো কথাই আলোচনা কৰা নাই। লগতে তেওঁ নিস্বাৰ্থভাৱে জিলা দুখনত দলীয় কাম কাজ কৰি আহিছিল বুলিও উল্লেখ কৰিছে।

সভাপতি ভূপেন বৰাই এনে একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, কেৱল অলংকাৰ হৈ উপ-সভাপতি হিচাপে কাম কৰাৰ মন নাই। দলৰ সাধাৰণ কৰ্মী হিচাপে কাম কৰি যাম।

প্ৰদেশ কংগ্ৰেছ উপ-সভাপতি ৰাজু চাহুৱে ত্যাগ কৰিলে দলীয় বিষয়বাব...
পুনৰ ঘোচ লৈ আটক চৰকাৰী কৰ্মচাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in