চকৰি গাঁৱত কলংপাৰ শাখা লেখিকা সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি...

লেখিকা সংস্থা অসমৰ অন্যতম অগ্ৰণী কলংপাৰ শাখাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি দেওবাৰে চকৰি গাঁও মজলীয়া বিদ্যালয়ত সামৰণি পৰে।

author-image
Asomiya Pratidin
New Update
চকৰি গাঁৱত কলংপাৰ শাখা লেখিকা সংস্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি...

ডিজিটেল সংবাদ, উৰিয়া গাঁও: লেখিকা সংস্থা অসমৰ অন্যতম অগ্ৰণী কলংপাৰ শাখাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি দেওবাৰে চকৰি গাঁও মজলীয়া বিদ্যালয়ত সামৰণি পৰে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দ্বিতীয় দিনা পুৱা লেখিকা সংস্থাৰ পতাকা উত্তোলন কৰে কলংপাৰ শাখা লেখিকা সংস্থাৰ সভানেত্ৰী অৰুনিমা বৰাই।

Advertisment

ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে শাখাৰ উপদেষ্টা বৈজয়ন্তী খাউণ্ডয়ে। বিয়লি অনুষ্ঠিত হয় মুকলি সভা,বঁটা বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান। শাখাৰ সভানেত্ৰী অৰুনিমা বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে 'কলংপাৰ' কাকতৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰিন্তু দাসে অংশগ্ৰহণ কৰি সাৱলীল ভাষণ প্ৰদান কৰে।

কলংপাৰ শাখা লেখিকা সংস্থাৰ সম্পাদিকা তুলু হাজৰিকা আৰু শিক্ষয়ত্ৰী ৰুবী বৰাই আঁত ধৰা সভাখনত শাখাৰ মুখপত্ৰ 'প্ৰাঞ্জলি' উন্মোচন নগাঁও শাখা লেখিকা সংস্থাৰ সভানেত্ৰী উপমা মজুমদাৰে। উক্ত সভাতেই শাখাৰ সভানেত্ৰী অৰুনিমা বৰাৰ "বিয়ানাম" নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি, লেখক তথা শিল্পী গোলাপ বৰাই।সভাত লেখিকা দীপ্তি বৰা,কবি বসন্ত কৌশিক ভাগৱতী,ময়ূৰ কুমাৰ বৰা,অনিল কুমাৰ শৰ্মাই ভাষণ ৰাখে।

সভাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কেইবাগৰাকী কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে শাখাৰ অধিৱেশনত অনুষ্ঠিত হোৱা অসম ভিত্তিত গল্প প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয়। উক্ত সভাত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কাতিৰাম বৰা, থুলেশ্বৰ বৰা, লেখিকা বৈজয়ন্তী খাউণ্ড, অঞ্জলী বৰকাকতী, কুমুদ চন্দ্ৰ বৰা, অমিয়া গোস্বামী, তগৰ গোস্বামী, মেধাবী ছাত্র ত্ৰিদীপ বৰা প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে, অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিয়লি কলংপাৰ শাখা লেখিকা সংস্থাৰ বিষয় বাছনি সভা অনুষ্ঠিত হয়। উক্ত সভাত সৰ্বসন্মতিক্রমে অৰুনিমা বৰাক সভানেত্ৰী, তুলু হাজৰিকাক সম্পাদিকা, তৰামাই বৰাক কাৰ্যকৰী সভানেত্ৰী, জেউতি হাজৰিকাক উপ সভানেত্ৰী, মিনু শইকীয়া, অঞ্জলী বৰাক সহ: সম্পাদিকা, তৃপ্তিৰেখা কাকতি, অমিয়া গোস্বামীক পত্ৰিকা সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া কলংপাৰ শাখা লেখিকা সংস্থাৰ নতুন সমিতি গঠন কৰা হয়।

Also Read: কেবিনেট বৈঠকৰ প্ৰাক-ক্ষণত মুখ্যমন্ত্ৰীৰ মাৰাথন আধাৰশিলা...

assam lekhika samaj