কেবিনেট বৈঠকৰ প্ৰাক-ক্ষণত মুখ্যমন্ত্ৰীৰ মাৰাথন আধাৰশিলা...

কেবিনেট বৈঠকৰ প্ৰাক-ক্ষণত মুখ্যমন্ত্ৰীৰ মাৰাথন আধাৰশিলা ওডালগুৰি, পানেৰী, ডিমাকুচি, ভেৰগাঁৱত ফলক অৰাৰ জোৱাৰ
কেবিনেট বৈঠকৰ প্ৰাক-ক্ষণত মুখ্যমন্ত্ৰীৰ মাৰাথন আধাৰশিলা...

ডিজিটেল সংবাদ, ওডালগুৰি: পানেৰী চাহ বাগিচাৰ কেবিনেট বৈঠকৰ উৰুকাক্ষণত দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ওডালগুৰি, পানেৰী, ডিমাকুচি আৰু ভেৰগাৱঁত আধাৰশিলা স্থাপনৰ অভিলেখ ৰচনা কৰে। বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ বৃহৎ দল এটাৰে মাৰাথান অভিযানত নামি পৰাৰ পৰিলক্ষিত হয়।

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই ওডালগুৰি জিলাৰ পানেৰী সমষ্টিৰ অন্তৰ্গত টংলা, ভেৰগাঁও আৰু ডিমাকুচিত ৩ খন বিশাল ৰাজহুৱা সভাৰো সম্বোধন কৰে। বহুকেইটা প্ৰকল্পৰ শিলান্যাসৰ সমান্তৰালভাৱে অনুস্থিত এই ৰাজহুৱা সভাত ৰাইজৰ সৈতে উপস্থিত থাকি ডঃ শৰ্মাই গৌৰৱময় ক্ষণৰ সাক্ষী হ'বলৈ পাই সুখী হৈছো বুলি অভিহিত কৰে।

তাৎপৰ্যপূৰ্ণ যে, মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টংলাত ১০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়, পৰিদৰ্শন বঙলা, টংলা নগৰ পানী যোগান আঁচনি (AMRUT), ১৬ কোটি টকীয়া জালিমুখ বান্ধ, টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ আৰু চিলাৰায় ভৱনৰ আধাৰশিলা স্থাপন কৰে। একেদৰে, ভেৰগাঁৱত একলব্য আদৰ্শ আবাসিক বিদ্যালয়, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় আৰু আবাস গৃহ, ভেৰগাঁও আৰক্ষী চকীৰ আধাৰশিলা স্থাপন কৰে।

তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পানেৰী সমষ্টিৰ অন্তৰ্গত সৰ্বমুঠ ১৪টা পথৰ একত্ৰে শুভ উদ্বোধন কৰি ৰাইজৰ হাতত অৰ্পন কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত ডিমাকুছিত পুনৰ ডিমাকুছি ষ্টেডিয়াম, নোনাই বহুগাঁও সংযোগী পানী যোগান আঁচনি, ডিমাকুছি আদৰ্শ চিকিৎসালয়ৰ গৃহ উদ্বোধন কৰি ৩ খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় উদ্বোধনত অংশ লয়। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আদিবাসী ভোটাৰক সন্তুষ্ট কৰাৰ লক্ষ্যৰে ১২ খন চাহ বাগিচাত মহাপ্ৰভূ জগন্নাথ সমন্বয় গৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰো উদ্বোধন কৰে।

বিগত নিৰ্বাচনত আদিবাসী ৯০ শতাংশ ভোট লাভ কৰা গেৰুৱা দলে ভোটাৰক কৃতজ্ঞতা জনাই এই আঁচনি প্ৰকল্প উদ্বোধন আৰু মুকলিৰ সময়তে ডিমাকুছি আৰু খাগ্ৰাবাৰীৰ সংহত হস্ততাঁত উন্নয়ন আঁচনিৰ শুভ উদ্বোধন কৰি ২০টাকৈ হস্তী পহৰা টঙী ঘৰ উদ্বোধনত অংশ লয়। সমুদায় ২০০ কোটি টকাৰ অনুদান, আৱন্টনৰ পাছত ওডালগুৰি জিলাত বিপিএফ আৰু কংগ্ৰেছৰ মুখ শুকাই যোৱাৰ অৱস্থাৰ সৃষ্টি কৰে।

লক্ষণীয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কথাৰ চতুৰালিত ভোটাৰ ভোলযোৱা পৰিৱেশৰ সাক্ষী হৈ ৰয় অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰীৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যৰ মন্ত্ৰীসকল ক্ৰমে অশোক সিংহল, ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত, সঞ্জয় কিশান, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, ওডালগুৰিৰ বিধায়ক তথা বিটিআৰ উপ-মুখ্যকাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ লগতে বিটিআৰৰ কাৰ্যবাহী আৰু সদস্যবৰ্গ।

কেবিনেট বৈঠকৰ প্ৰাক-ক্ষণত মুখ্যমন্ত্ৰীৰ মাৰাথন আধাৰশিলা...
হিমন্ত বিশ্বক অসমৰ সংস্কৃতি শিকিবলৈ আহ্বান কেজৰিৱালৰ, ক'লে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in