মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্বোধন কৰিলে 'অসম জব পর্টেল'

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মঙলবাৰে কটাবাৰী, গড়চুকৰ অসম দক্ষতা বিকাশ অভিযান(ASDM)-ৰ কার্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্বোধন কৰিলে 'অসম জব পর্টেল'

ডিজিটেল ডেস্কঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মঙলবাৰে কটাবাৰী, গড়চুকৰ অসম দক্ষতা বিকাশ অভিযান(ASDM)-ৰ কার্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। কামাখ্যা আৰু পল্টন বজাৰ এলেকাৰ ১০০ গৰাকী হোটেল ষ্টাফৰ দক্ষতা বৃদ্ধি (Upskilling) প্রশিক্ষণ আৰু নৌকৰি ডট কম (Naukri.com)-ৰ সহযোগত নতুন 'অসম জব পর্টেল' (job.assam.gov.in) আনুষ্ঠানিক ভাৱে মুকলি কৰে।

Advertisment

এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বৰুৱাই হোটেল ষ্টাফৰ প্রশিক্ষণৰ ওপৰত ASDM-এ গ্ৰহণ কৰা কাৰ্য্যসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত মন্তব্য ৰাখি কয় যে অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ এক সাম্যক ধাৰণা বিকশিত কৰাৰ ক্ষেত্ৰত হোটেল ষ্টাফসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ক্ষেত্ৰত হোটেল ষ্টাফৰ প্রশিক্ষণৰ এই পদক্ষেপে তেওঁলোকৰ ব্যৱহাৰ পাতি আৰু ব্যক্তিত্বৰ সংশোধন, স্থানীয় পর্যটন ক্ষেত্র আৰু উদ্যোগটোৰ বিষয়ে জ্ঞান, ডিজিটেল ব্যৱস্থাৰ জ্ঞান আহৰণ আদিৰ ওপৰত গুৰত্ব দি হোটেল ষ্টাফসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নৌকৰি ডট কম (Naukri.com)-ৰ সহযোগত নতুন 'অসম জব পর্টেল'-ও (job.assam.gov.in) আনুষ্ঠানিক ভাৱে মুকলি কৰি ডট কমক অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰি অসমত চাকৰিৰ সম্ভেদ বিচাৰি থকা যুৱক যুৱতীক এক উপযুক্ত মঞ্চ প্ৰদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ 'ডিজিটেল অসম'ৰ সপোন সাকাৰ কৰাৰ্থে ২০২১ চনৰ ২৭ ছেপ্টেম্বৰত অনলাইন নিয়োগ বিনিময় কেন্দ্র মুকলি কৰাৰ পিছত 'নৌকৰি ডট কম'ৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় আৰু সেইমর্মে এই নতুন পর্টেল ডেভেলপ কৰা হয়৷

এই পর্টেলৰ জড়িয়তে চাকৰি প্রার্থীয়ে মেছেজ, ই-মেইল ইত্যাদিৰ যোগেদি নিজৰ অৰ্হতা অনুসৰি বিভিন্ন চাকৰিৰ সম্ভেদ লাভ কৰিব। ইয়াৰ ওপৰত বিতং ভাৱে বৰ্ণনা কৰি মন্ত্ৰী বৰুৱাই কয় যে " অসমত প্ৰায় ১২ লাখ নিবনুৱা আছে আৰু বহু সময়ত তেওঁলোকে সচৰাচৰ প্ৰচলিত বিজ্ঞাপনৰ যোগেদি প্ৰয়োজনীয় তথ্য লাভ নকৰে। কিন্তু এই পৰ্টেলৰ যোগেদি তেওঁলোকে ফোনৰ জৰিয়তেই চাকৰি সম্বন্ধীয় সকলো তথ্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে MNC বোৰতো নিজৰ অৰ্হতা অনুসৰি নিযুক্তিৰ বাবে আবেদন কৰিবলৈ সক্ষম হ'ব। উল্লেখনীয়যে, এই পৰ্টেলটো দক্ষতা নিয়োগ আৰু উদমিতা বিভাগৰ পুঁজিৰে Amtron-য়ে তৈয়াৰ কৰি উলিয়াইছে।

Also Read: ''ধৰ্ম বিজেপিৰ লগত আছে, বহু দল NDA ত আহিব বিচাৰে''

jayanta malla baruah