''ধৰ্ম বিজেপিৰ লগত আছে, বহু দল NDA ত আহিব বিচাৰে''

''ধৰ্ম বিজেপিৰ লগত আছে, বহু দল NDA ত আহিব বিচাৰে''

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে কয় যে বহু দলে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ)ত যোগদান কৰিব বিচাৰে । ইয়াৰ আৰাম্ভণি কৰিছে এন চি পিয়ে।

ঠাকুৰে কয় যে এন চি পিৰ যোগদান আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ অংশ লোৱাৰ বাবে বিজেপি শক্তিশালী হ'ব আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত শক্তিশালীস্থিতি গ্ৰহণ কৰি কেন্দ্ৰত থাকিব।

ঠাকুৰে সাংবাদিকৰ লগত হোৱা কথা বতৰাত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন সন্দৰ্ভতো মত প্ৰদান কৰে। তেওঁ কয় যে, ৭৫ বছৰৰ পিছত জম্মু-কাশ্মীৰেঅধিকাৰ লাভ কৰিছে আৰু এই সিদ্ধান্তৰ পিছত শান্তি, ভাতৃত্ববোধৰ লগতে উন্নয়নৰ প্ৰচাৰ কৰা হৈছে।

তাৰপাছতে তেওঁ হিমাচল প্ৰদেশৰ এখন সভা সম্বোধন কৰে। তাত তেওঁ কয় যে, ধৰ্ম বিজেপিৰ লগত আছে। বিজেপি ২০২৪ চনতো শাসনত অধিষ্ঠিত হৈ থাকিবৰ বাবে তৈয়াৰ আছে।

''ধৰ্ম বিজেপিৰ লগত আছে, বহু দল NDA ত আহিব বিচাৰে''
ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ, এপল' ক্লিনিকত উত্তপ্ত পৰিস্থিতি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in