অসম জাতীয় পৰিষদৰ তৃতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কেইবাটা প্ৰস্তাৱ গ্ৰহণ

অসম জাতীয় পৰিষদৰ তৃতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কেইবাটা প্ৰস্তাৱ গ্ৰহণ

ডিজিটেল ডেস্কঃ নাহৰকটীয়াত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ তৃতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ তলত উল্লেখ কৰা হ'ল-

১) অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ প্ৰতিশ্ৰতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে অসমক স্বনিৰ্ভৰশীল অৰ্থনীতিৰ সলনি ঋণৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিয়াত আজিৰ সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ সভাই অসমৰ জনসাধাৰণৰ মুৰৰ ওপৰত কৰ-কাটলেৰে মাধমাৰ মাৰি, ঋণৰ বোজা ৰাইজৰ ওপৰত পৰা নাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা তাচ্ছ্ল্যসূচক মন্তব্যক দায়িত্বহীনতাৰ পৰিচায়ক আখ্যায়িত কৰে৷

সভাই সৰ্ব সন্মতিক্ৰমে মত প্ৰকাশ কৰে যে ঋণৰ ধন উৎপাদনশীল কামত ব্যৱহাৰ নকৰি ভোট বেংক সৃষ্টি আৰু নিজৰ পৰিয়ালৰ অৰ্থ-ভঁৰাল বৃদ্ধিত ব্যয় কৰি জনসাধাৰণৰ ওপৰত কৰ-কাটলৰ বোজা জাপি ঋণৰ বোজা মাৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টা ৰাজনৈতিক দক্ষতা হ'ব নোৱাৰে৷ আজিৰ সভাই অসমৰ বৰ্তমানৰ অৰ্থনীতিৰ ওপৰত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহবান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে৷

২) অসমৰ মুখ্যমন্ত্ৰী তথা তেখেতৰ চৰকাৰৰ পৃষ্ঠপোষকতাত তেখেতৰ পৰিয়ালৰ লোক আৰু অন্যান্যসকলৰ দুৰ্নীতি-অনিয়ম তথা ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ নিৰপেক্ষ তদন্তৰ দাবীত আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে৷ আনহাতে মুখ্যমন্ত্ৰী তথা চৰকাৰৰ পৃষ্ঠপোষকতাত সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ ছিণ্ডেকেট বন্ধ কৰি সেইবোৰ সামগ্ৰীৰ পৰা সংগৃহীত ধন ৰাজহ হিচাপে চৰকাৰী পুঁজিত জমা কৰাৰ ব্যৱস্থা হাতত ল'বলৈ আজিৰ সভাই দাবী উত্থাপন কৰে ৷ সভাই লগতে ছিণ্ডেকেটৰাজ প্ৰসংগত পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

৩) আজিৰ সভাই নগাঁও-ডিব্ৰুগড় চাৰিলেনযুক্ত ঘাইপথ নিৰ্মানৰ কাম নিৰ্ধাৰিত সময়সীমা পাৰ হৈ যোৱাৰ পিছতো সম্পূৰ্ণ হৈ নুঠাত উদ্বেগ প্ৰকাশ কৰি এই ক্ষেত্ৰত চৰকাৰী অৱহেলাক ধিক্কাৰ দিয়ে৷ সভাই অসমৰ মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ যাতায়াতৰ এই মূল পথটো নিৰ্মাণৰ ক্ষেত্ৰত ৰহস্যজনক উদাসীনতা প্ৰদৰ্শন কৰাটোত আশ্চৰ্য্য প্ৰকাশ কৰে আৰু পথটো নিৰ্মাণৰ বাবে আন্তিৰক প্ৰচেষ্টাৰে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ দাবী জনায়।

অসম জাতীয় পৰিষদৰ তৃতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কেইবাটা প্ৰস্তাৱ গ্ৰহণ
নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত তোৰণ আৰু গ্ৰন্থ উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in