৭ নৱেম্বৰত ১০০০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে, লক্ষ্য ২৫,০০০ কোটি...

৭ নৱেম্বৰত ১০০০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে, লক্ষ্য ২৫,০০০ কোটি...

ডিজিটেল ডেস্কঃ চমক সৃষ্টিৰ বাবে অমৃত বৃক্ষ, অমৃত কলহ, খেল মহাৰণ আদি বিভিন্ন অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিছে কোটি কোটি টকা। ইয়াৰ মাজতে বিত্তীয় পৰিস্থিতৰ জোৰা মাৰিবলৈ অহা ৭ নৱেম্বৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ১০০০ কোটি টকাৰ ঋণ।

মুকলি বজাৰৰ পৰা ল'বলগীয়া এই ঋণৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। যোৱা কেইটামান বৰ্ষত উন্নয়নৰ ঢাক-ঢোল বজাই ৰাজহ সংগ্ৰহৰ অৰ্থে বৃদ্ধি কৰি গৈছে বিভিন্ন সামগ্ৰীৰ মূল্য। তাৰপাছতো ১০০০ কোটি টকাৰ ঋণ লোৱাৰ আৱশ্যক হৈ পৰিছে চৰকাৰৰ বাবে।

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম মাহৰ পৰাই ৰাজ্য চৰকাৰে ঋণ লৈ আহিছে। যোৱা মাহত ২০০০ কোটি আৰু ছেপ্টেম্বৰ মাহত ১৫০০ কোটি টকাৰ ঋণ লৈছিল চৰকাৰে। এতিয়া যেন ঋণ নোলোৱাকৈ ৰাজ্য চলাব নোৱাৰা হৈছে চৰকাৰে।

চলিত বিত্তীয় বৰ্ষত ২৫,০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য লৈছে চৰকাৰে।যোৱা আঢ়ৈ বছৰৰ ভিতৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছে ৪৭ হেজাৰ কোটি টকা। ২০১৪-১৫ বিত্তীয় বৰ্ষত ৰাজ্যত ঋণৰ পৰিমাণ আছিল ৩১,৩০০.৯৯ কোটি টকা। এতিয়া সেই ঋণৰ পৰিমাণ ডেৰ লাখ টকাৰ ঘৰ স্পৰ্শ কৰিছে।

ঋণ পৰিশোধ কৰাৰ বিপৰীতে চৰকাৰে ঋণৰ বোজা বঢ়াই গৈ আছে। ইয়ে এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে।

৭ নৱেম্বৰত ১০০০ কোটি টকাৰ ঋণ ল'ব চৰকাৰে, লক্ষ্য ২৫,০০০ কোটি...
কঠীয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in