Advertisment

চাওঁক অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ সবিশেষ...

চাওঁক অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ সবিশেষ...

author-image
Asomiya Pratidin
New Update
APDCL লৈ ১৫০ কোটি, স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ২,৫২৯.১৭ কোটিত অনুমোদন..

চাওঁক অসম চৰকাৰৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ সবিশেষ...

ডিজিটেল ডেস্কঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যায় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত গ্ৰহণ কৰা হৈছে কেটবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তসমূহৰ ভিতৰত আছে উচ্চ মাধ্যমিকৰ সমমৰ্যাদাৰে অভিযান্ত্ৰিক ডিপ্লমা।

Advertisment

ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি ৰাজ্যিক কাৰিকৰী শিক্ষা সংসদৰে প্ৰদান কৰা ৩ বছৰীয়া অভিযান্ত্ৰিক ডিপ্লমাক উচ্চতৰ মাধ্যমিক/দ্বাদশ শ্ৰেণী (বিজ্ঞান)ৰ সমতুল্য হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব। ৰাজ্যিক কাৰিকৰী শিক্ষা সংসদৰ অভিযান্ত্ৰিক ডিপ্লমাধাৰী সমূহ পলিটেকনিক শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব।

এই সিদ্ধান্তৰ ফলত নূন্যতম অৰ্হতা উচ্চতৰ মাধ্যমিক (১০+২) হিচাপে বিবেচিত বিভিন্ন বাছনি আৰু নিয়োগ প্ৰক্ৰিয়াত পলিটেকনিৰ ডিপ্লমাধাৰীসকলক যথেষ্ট উপকৃত কৰিব। শিক্ষাৰ্থীক এনে বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ উৎসাহিত কৰিব।

কেবিনেট বৈঠকত মেগা মিছন ছ'চাইটীৰ বাবে অনুদান আগবঢ়োৱা হৈছে। অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিডিটেডৰ দ্বাৰা নিৰৱচ্ছিন্নভাৱে ধান ক্ৰয়ৰ বাবে আৰু মিছন অমৃত সৰোবৰ কাৰ্যকৰীকৰণৰ বাবে মেগা মিছন ছ'চাইটী- মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনালৈ অনুদান হিচাপে ২৭০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।

কেবিনেটত বি টি আৰৰ উন্নয়নৰ বাবেও গ্ৰহণ কৰা হৈছে কেতবোৰ সিদ্ধান্ত। সেই অনুসৰি বি টি আৰৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন (গ্ৰামীণ) পুঁজিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে দ্বিতীয় কিস্তি হিচাপে ৩৬১.৪২ কোটি টকা মুকলিত অনুমোদন জনোৱা হৈছে। ।

স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ শিক্ষাৰ্থীলৈ উদগনি জনোৱাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ (স্নাতকোত্তৰ ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ নিয়মাৱলী বিধি ২০২১ৰ নিয়ম ৭(i) (গ)ৰ সংশোধনীৰ দ্বাৰা স্নাতকোত্তৰ চিকিৎসা শিক্ষার্থীক প্ৰি আৰু পেৰা ক্লিনিকেল বিষয় অধ্যয়নৰ বাবে উদগনি যোগোৱাত অনুমোদন জনোৱা হৈছে।

ইয়াৰ জৰিয়তে ৰাজ্যিক স্বাস্থ্যসেৱাত কৰ্মৰত চিকিৎসকৰ বাবে প্ৰতিটো বিভাগত ২খন পি জি আসন সংৰক্ষণ কৰিব। ইয়াৰ বাবে নিৰ্ধাৰিত বিভাগবোৰ ক্ৰমে দেহতত্ত্ব বিজ্ঞান, ফাৰ্মাক'লজী, শৰীৰতত্ত্ব বিজ্ঞান, জৈব ৰসায়ন, ফৰেনছিক মেডিচিন, মাইক্ৰ'বায়'লজী, কমিউনিটী মেডিচিন।

ৰাজ্যৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবেও গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। সেই অনুসৰি ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অসম চৰকাৰে নাৱাৰ্ডৰ পৰা ৪১৪.৪২ কোটি টকা পুনৰ ঋণ গ্রহণ কৰিব। আৰু ইয়াত কেবিনেটে অনুমোদন জনাইছে। নিৰ্ধাৰিত এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৩৫খন জিলাত ১০০০টা আদর্শ অংগনৱাড়ী কেন্দ্র।

ইয়াৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২২৩.৮০ কোটি টকা। ২খন জিলাত ৩টা গ্রাম্য পথ প্রকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ১৬০.৬৯ কোটি টকা । আনহাতে ২০খন জিলাত ৩৯টা ভূমি সংৰক্ষণ আৰু জল সংগ্রহ প্রকল্পৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ২৯.৯১ কোটি টকা।

অভিযান্ত্ৰিক সেৱা নিযুক্তি পৰিষদৰ সন্দৰ্ভতো আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে অসম অভিযান্ত্ৰিক সেৱা নিযুক্তি পৰিষদ গঠনৰ সংশোধনীত অনুমোদন জনাইছে।

সেই অনুসৰি এই পৰিষদলৈ শৈক্ষিক / প্রশাসনিক বিশিষ্ট ব্যক্তিক অধ্যক্ষ হিচাপে অসম চৰকাৰৰ দ্বাৰা মনোনয়ন কৰা হ'ব। বিদ্যমান অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ২গৰাকী অধ্যক্ষক ৰাজ্য চৰকাৰৰ দ্বাৰা সদস্য হিচাপে মনোনয়ন কৰিব আৰু অসম চৰকাৰৰ দ্বাৰা নিৰ্দিষ্ট শাখাৰ ২গৰাকী বিশেষজ্ঞক সাক্ষাৎকাৰৰ যোগেদি মনোনয়ন কৰিব। আনহাতে কাৰিকৰী শিক্ষা, অসমৰ সঞ্চালকগৰাকী হ'ব ইয়াৰ সদস্য সচিব।

ইফালে হিন্দুস্তান পেপাৰ কৰ্প'ৰেচন লিমিটেডৰ সন্দৰ্ভতো আজি গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। সেই অনুসৰি উচ্চ বয়সৰ সীমাক ৰেহাই দি এইচ পি চি এলৰ প্ৰাক্তন কৰ্মচাৰী আৰু প্ৰাক্তন শ্রমিক সংঘই দাখিল কৰা তালিকাৰ পৰা বিশেষ নিযুক্তি অভিযানৰ অধীনত এইচ পি চি এলৰ ১৭গৰাকী প্ৰাক্তন কৰ্মচাৰীক তেওঁলোকৰ অৰ্হতা অনুসৰি বিভিন্ন বিভাগত পুনৰ নিয়োগ কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে।

জন সুৰক্ষা ব্যৱস্থাৰ উন্নীতকৰণৰ সন্দৰ্ভত গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ ভিতৰত আছে জনসাধাৰণৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে অসম জন সুৰক্ষা (পৰিমাপক) বলবৎকাৰী বিধেয়ক, ২০২৩ ৰ অনুমোদন। ইয়াৰ উদ্দেশ্য হৈছে, জন সমাগম ঘটা স্থানত প্ৰতিষ্ঠানৰ মালিকে চি চি টিভি আদিৰ দৰে নিৰীক্ষণ সঁজুলি ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰি নাগৰিকৰ সুৰক্ষা নিশ্চিতকৰণ কৰিব লাগিব।

প্রতিষ্ঠান/আৱাসিক ভৱন (ভূমি মহলাৰ ওপৰত) পৰিচালনা কৰা প্ৰতিগৰাকী মালিক/প্রবন্ধক/ব্যক্তিয়ে আইন আৰম্ভ হোৱাৰ তাৰিখৰ পৰা ৬ মাহৰ ভিতৰত বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ নবীকৰণৰ পৰৱৰ্তী তাৰিখৰ পূৰ্বে (যিটো আগতে হয়) জন সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব। চি চি টিভি কেমেৰাত ৩০ দিনৰ বাবে ভিডিঅ' ফুটেজ সংৰক্ষণৰ ব্যৱস্থা থকাটো জৰুৰী।

ইফালে ৫G সুবিধা লাভত ক্ষিপ্রতা প্ৰদানৰ বাবেও কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত। ৫ Gৰ ক্ষিপ্ৰ সেৱা সুবিধাৰ বাবে অসমৰ দূৰসংযোগ আন্তঃগাঁথনিলৈ ৰাইট অৱ ৱে (ROW) প্ৰদানৰ নিৰ্দেশিকা, ২০২৩ৰ অনুমোদন জনোৱা হৈছে। ইয়াৰ বিশেষত্বসমূহ হৈছে, বিবেচনাযোগ্য অনুমোদনৰ সৈতে ৫G ROW আবেদনৰ বাবে একক উইণ্ড' ক্লিয়াৰেন্স ব্যৱস্থা, ৫Gৰ ক্ষেত্ৰত কেন্দ্ৰীয় গতিশক্তি সঞ্চাৰ প'ৰ্টেলৰ সৈতে অসম Row প'ৰ্টেলৰ একত্ৰীকৰণ, সৰু চেল, অভাৰগ্ৰাউণ্ড টেলিকমিউনিকেচন কেবল স্থাপনৰ বাবে পথৰ আন্তঃগাঁথনি ব্যৱহাৰৰ ব্যৱস্থা, সৰু চেল বা অভাৰগ্ৰাউণ্ড টেলিকমিউনিকেচন কেবল স্থাপনৰ বাবে খুঁটা স্থাপনৰ ব্যৱস্থা আৰু ROW ৰ বিভিন্ন উপাদানৰ বাবে মাচুলৰ গঠন আৰু DITEC, DeGS, পথ আন্তঃগাঁথনি প্রদানকাৰী আদিৰ দৰে অংশীদাৰসকলৰ মাজত ৰাজহ ভাগ-বাটোৱাৰা ব্যৱস্থা।

আজিৰ কেবিনেটত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আইন সংশোধনৰ ওপৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ কাম-কাজৰ দক্ষতা বৃদ্ধি আৰু সম্পদৰ অনুকূল ব্যৱহাৰৰ বাবে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় আইন, ২০০৯ৰ সংশোধনীত অনুমোদন জনাইছে কেবিনেটে।

সেই অনুসৰি অসম অভিযান্ত্রিক মহাবিদ্যালয়, গুৱাহাটীক অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মূল মহাবিদ্যালয় হিচাপে ঘোষণা কৰা হ'ব, যাৰ ফলত মহাবিদ্যালয়খনৰ পাঠদান আৰু গৱেষণাৰ সুবিধা উন্নতৰ হ'ব।

অসম ফ্লাইং ক্লাবৰ পুনৰুজ্জীৱন সন্দৰ্ৰভতো গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। অসমৰ বাণিজ্যিক পাইলটৰ সুবিধার্থে ছ'চাইটী পঞ্জীয়ন আইন, ১৮৬০ৰ অধীনত অসম ফ্লাইং ক্লাব ছ'চাইটীৰ গঠনৰ জৰিয়তে অসম ফ্লাইং ক্লাব পুনৰুজ্জীৱিতকৰণত অনুমোদন জনোৱা হৈছে। ইয়াৰ অধ্যক্ষ হ'ব মুখ্যমন্ত্ৰী।

আনহাতে উপ-সভাপতি হ'ব ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী। সদস্য হিচাপে থাকিব মহাধিবক্তা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ জ্যেষ্ঠতম সচিব, বিত্ত বিভাগৰ জ্যেষ্ঠতম সচিব, পৰিচালনা বিশেষজ্ঞ, বিমান বিশেষজ্ঞ, প্ৰশাসনিক বিশেষজ্ঞ। সদস্য সচিব হিচাপে থাকিব ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক।

শিশু আৰু মহিলাৰ পুষ্টি নিশ্চিতকৰণৰ বাবে কেবিনেটে পৰিপূৰক পুষ্টি কাৰ্যসূচী (এছ এন পি)ৰ অধীনত মিলেট, চাউল আৰু অন্যান্য শস্যভিত্তিক ৰেডী-টু-কুক/ৰেডী-টু-ইট খাদ্য প্ৰদানৰ বাবে এছ অ' পিৰ অধিসূচনাত অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৬ মাহৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ লগতে গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃৰ মাজত পুষ্টিহীনতাৰ সমস্যা আঁতৰ কৰিব বুলি ধাৰণা কৰা হৈছে।

আনহাতে ভৱিষ্যতৰ শক্তি সুৰক্ষাৰ হেতু পদক্ষেপ গ্ৰহণ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। শক্তিৰ বৰ্ধিত চাহিদা দূৰ কৰাৰ বাবে ক'ল ইণ্ডিয়া লিমিটেডৰ সহযোগত ভৱিষ্যতৰ শক্তি সুৰক্ষাৰ পদক্ষেপত অনুমোদন জনাইছে কেবিনেটে।

সেই অনুসৰি বাধ্যবাধকতা অবিহনে চি আই এলৰ সৈতে বুজাবুজি চুক্তি সম্পাদনত নীতিগত সন্মতি জনোৱাৰ উপৰিও এ পি ডি চি এলৰ পৰিচালন সঞ্চালকক স্বাক্ষৰকাৰী কৰ্তৃত্বৰ লগতে ৰাজ্য চৰকাৰৰ হৈ বুজাবুজি চুক্তি সম্পাদন কৰিবলৈ এ পি ডি চি এলক কর্তৃত্ব প্রদান কৰা হৈছে। চি আই এল আৰু অন্যান্য কৰ্তৃপক্ষৰ সৈতে এই সহযোগিতাৰ সকলো দিশ সন্দৰ্ভত আলোচনা আৰু পৰ্যালোচনা কৰিবলৈ এ পি ডি চি এলৰ পৰিচালন সঞ্চালকক কর্তৃত্ব প্রদান কৰা হৈছে।

Also Read: বিলাসীপাৰাত লাউড স্পীকাৰ, মাইক্ৰ'ফোনত নিষেধাজ্ঞা...

কেবিনেট বৈঠক