Advertisment

বিলাসীপাৰাত লাউড স্পীকাৰ, মাইক্ৰ'ফোনত নিষেধাজ্ঞা...

বিলাসীপাৰাত লাউড স্পীকাৰ, মাইক্ৰ'ফোনত নিষেধাজ্ঞা...

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰাত লাউড স্পীকাৰ, মাইক্ৰ'ফোনত নিষেধাজ্ঞা...

বিলাসীপাৰাত লাউড স্পীকাৰ, মাইক্ৰ'ফোনত নিষেধাজ্ঞা...

ডিজিটেল সংবাদ ধুবুৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীৰ বিলাসীপাৰা মহকুমাতো অনুষ্ঠিত হৈ আছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। সমান্তৰালকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবেও সাজু হৈছে শিক্ষাৰ্থীসকল।

Advertisment

সেয়ে এই দুয়োটা গুৰুত্বপূৰ্ণ পৰীক্ষৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে চলাই থকা প্ৰস্তুতিত যাতে ব্যঘাত নজন্মে তাৰ বাবে বিলাসীপাৰা মহকুমা দণ্ডাধীশে এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে। এই নিৰ্দেশনা অনুসৰি Assam Loud Speakers (Control) Act 1960 ৰ under Section 4(1)(a) ৰ অধীনত সকলো ধৰণৰ, লাউড স্পিকাৰ , মাইক, মাইক্ৰফোন ইত্যাদি বজোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।

এই আদেশ পৰবৰ্ত্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব বুলিও বিলাসীপাৰা মহকুমা প্ৰশাসনে বাৰ্তা যোগে জনাইছে।

Also Read: ফূৰ্তি নকৰিবঃ দেশৰ ভিতৰত প্ৰথম, বিশ্বৰ ভিতৰত নৱম স্থানত গুৱাহাটী...

বিলাসীপাৰা