অসম উদ্যোগিক আন্ত:গাঠনি উন্নয়ন নিগমৰ পথালি পাহাৰ চৌহদৰ উদ্যোগিক ক্ষেত্ৰৰ প্ৰতি অনীহা চৰকাৰৰ...

অসম উদ্যোগিক আন্ত:গাঠনি উন্নয়ন নিগমৰ পথালি পাহাৰ চৌহদৰ উদ্যোগিক ক্ষেত্ৰৰ প্ৰতি অনীহা চৰকাৰৰ...

ডিজিটেল সংবাদ, বান্দৰদেৱা : ৰাজ্যৰ থলুৱা উদ্যোগ আৰু উদ্যোগীক এখন উৎপাদনৰ ক্ষেত্ৰ প্ৰদানৰ উদ্দেশ্য বিগত কংগ্ৰেছ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বান্দৰদেৱাৰ সমীপৰ পথালিপাহাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এক বিশাল ক্ষেত্ৰ লৈ চৰকাৰে এক ঔদ্যোগিক ক্ষেত্ৰ স্থাপন কৰিছিল।

প্ৰথমে চালুকীয়া অৱস্থাৰেই চৌহদটোত এটা চিমেন্ট আৰু এটা হিউম পাইপ উৎপাদনৰ দুটা উদ্যোগেৰে কেইবছৰ মান পাৰ হোৱাৰ পিছত শেহতীয়াকৈ চৌহদটোত ষ্টীল ফেক্টৰী ইটা নিৰ্মানৰ উদ্যোগ ইত্যাদিবোৰ গঢ় লৈ উঠে। কাৰ্যালয় গৃহৰ পৰা পানী টেংকলৈকে চৰকাৰৰ উদ্যোগ আৰু বানিজ্য বিভাগৰ অধীনৰ অসম উদ্যোগিক আন্ত:গাঠনি উন্নয়ন নিগমে স্থাপন কৰিলেও বৰ্তমান পৰিচৰ্যাৰ অভাবত সকলো একপ্ৰকাৰ জহি খহি গৈছে বুলি ক'লেও অত্যুক্তি কৰা নহয়।

চৌহদটোৰ উদ্যোগ সমুহত পানী যোগান ধৰাৰ বাবে পূৰ্বে নিৰ্মান কৰা টেংকটোৰ পৰা বৰ্তমান এটা টোপালো পানী পোৱা নাযায়। ইফালে এটা ঔদ্যোগিক চৌহদৰ ভিতৰৰ বাট পথ পকীকৰন হৈ থাকিব। লাগে যদিও চৌহদটোলৈ সোমাই যোৱা মূল পথটোত এতিয়া একাঠুতকৈ ওপৰত কেৱল ধূলি। ধূলিময় অৱস্থাৰ বাবে এতিয়া পথটোৰে আহযাহ কৰিব নোৱাৰা এক অৱস্থা হৈছে।

এটা ঔদ্যোগিক চৌহদৰ বাট পথ কেনেকুৱা হব লাগে আৰু কেনেকুৱা অৱস্থাত আছে সেয়া প্ৰত্যক্ষদৰ্শী সকলোৱেই দেখা পাইছে। নিয়ম মতে ঔদ্যোগিক চৌহদৰ বাট পথৰ দাঁতিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা থাকিব লাগে সেয়াও আজিকোপতি হৈ নুঠিল। কেৱল ইমানেই নহয় ঔদ্যোগিক চৌহদৰ মূল গেটত নিৰাপত্তাৰক্ষী থাকিব লাগে যদিও আজিপৰ্যন্ত নিৰাপত্তাৰক্ষী নিয়োগৰ কোনো ব্যৱস্থাই গ্ৰহণ কৰা হোৱা নাই। চৌহদত বিশুদ্ধ খোৱাপানীৰ বাবে প্ৰকৃততে জলজীৱন আঁচনিৰ ব্যৱস্থা থকাটো দৰকাৰ।

চৌহদটোৰ প্ৰতিটো উদ্যোগতে যঠেষ্ঠ সংখ্যক শ্ৰমিক নিয়োজিত হৈ আছে যদিও খোৱাপানীৰ ব্যৱস্থাটো প্ৰতিটো উদ্যোগে নিজিববীয়াকৈহে ব্যৱস্থা কৰি লোৱা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰেই হ ওক অথবা উদ্যোগ আৰু বানিজ্য বিভাগৰ মন্ত্ৰীয়েই হওক পথালিপাহাৰস্থিত এই ঔদ্যোগিক চৌহদৰ বাবে কোনো এটা কাৰ্যকালতো একো এটা উন্নয়ণ নকৰাটো যঠেষ্ঠ তাৎপৰ্যপূৰ্ণ বিষয় ৰূপে বিবেচিত হৈছে।

অথচ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এইটো চৌহদৰ কাষেৰেই চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰীয়েই হাজাৰবাৰ লখিমপুৰ ধেমাজিলৈ আহ যাহ কৰিছে।কিন্তু বিভাগীয় মন্ত্ৰীটো বাদেই চৰকাৰৰ কোনো মন্ত্ৰী বিধায়ক বিভাগৰ আমোলা বিষয়াৰ এই চৌহদটো চকুতেই পৰা নাই।

এতিয়াও কেইবাটাও থলুৱা উদ্যোগ স্থাপনৰ সুচলতা থকা চৌহদটোত নিবনুৱা সংস্থাপনৰ বাবে সৰু সুৰা উদ্যোগ স্থাপনৰ বাবে কাকো উৎসাহিত কৰিব পৰা নাই। জাম জেলি আচাৰৰ উৎপাদন কৰিব পৰা ভাল মহিলা গোট একোটাক চৌহদটোত আজিলৈকে সংস্থাপনৰ ব্যৱস্থা কৰোৱাব নোৱাৰিলে। কেৱল চাকৰিৰে চৰকাৰে নিবনুৱা সমস্যাৰ ওৰ যিহেতু পেলাব নোৱাৰে তেনস্থলত এই চৌহদ সমুহ উন্নীতকৰণ কৰি সৰু সুৰা উদ্যোগৰ বাবে ৰাজ্যৰ নিবনুৱাক সুবিধা দিয়াত চৰকাৰৰ অসুবিধা আৰু সমস্যা ক'ত ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in