নিবনুৱা যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰঃ প্ৰতিবছৰে অনুষ্ঠিত হ'ব নিযুক্তি সমাৰোহ...

নিবনুৱা যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰঃ প্ৰতিবছৰে অনুষ্ঠিত হ'ব নিযুক্তি সমাৰোহ...
নিবনুৱা যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰঃ প্ৰতিবছৰে অনুষ্ঠিত হ'ব নিযুক্তি সমাৰোহ...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ লাখ লাখ শিক্ষিত নিৱনুৱাক পুনৰ এক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ৰাজ্যৰ ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা নিযুক্তি সমাৰোহ (Job Mela) ৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে প্ৰতিবছৰে এইদৰে নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰাৰ কথা।

তেওঁ ক'লে অসমৰ মেধাৰ ভিত্তিত নিযুক্তিৰ যি এক পৰিৱেশ গঢ়লৈ উঠিছে সেই পৰিৱেশ ধৰি ৰাখিবলৈ প্ৰতিবছৰে এনে নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মা (Himanta Biswa Sarma) ই কয়, ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ বাকী থকা ১২/১৩ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব জুলাই মাহত।

এই বছৰেই ১ লাখ নিযুক্তিৰ সীমাও পাৰ কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, এতিয়া মোৰ বিশ্বাস হৈছে। আমি ১ লাখ নিযুক্তিতে থমকি নৰও। নিযুক্তি আৰু হ'ব কাৰণ মেধাৰ ভিত্তিত নিযুক্তি  লাভৰ যি পৰিৱেশ সেই পৰিৱেশটোক আমি ধৰি ৰাখিব লাগিব।

তেওঁ কয়, প্ৰতিবছৰে এনেকুৱা মেগা নিযুক্তি প্ৰক্ৰিয়া (Mega Recruitment) চলি থাকিব। য'ত এনেদৰে ২০/৩০/৪০ হাজাৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এনে এক চিন্তা তেওঁৰ মানসপটত আছে বুলি কৈ চৰকাৰী নিযুক্তিৰ এই যাত্ৰা আগলৈয়ো অব্যাহত থাকিব বুলি উল্লেখ কৰিছে।

তেওঁ কয়, আমি অসমৰ মেধা ল'ৰা-ছোৱালীয়ে কৰ্ম সংস্থাপন পোৱাটো বিচাৰো। পঢ়া-শুনাৰ পৰিৱেশ গঢ়লৈ উঠাৰ কাৰণে কেন্দ্ৰিয় চৰকাৰৰ চাকৰিসমূহটো আমি লাহে লাহে প্ৰতিযোগিতা কৰিব পাৰিম। বৈদ্যায়তনিক পৰিৱেশ এটা সমাজত যেতিয়া সৃষ্টি হ'ব তেতিয়া অসম চৰকাৰৰ চাকৰিতে সীমাবদ্ধ হৈ নাথাকে। আমাৰ ল'ৰা-ছোৱালীয়ে আকাশ চুব পাৰিব।

নিযুক্তি সমাৰোহৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিযুক্তি লাভ কৰা প্ৰতিগৰাকীকে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃকো শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

উল্লেখ্য যে,আজিৰ নিযুক্তি সমাৰোহত ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ কথা আছিল যদিও দিব্যাংগসকলৰ বহুতেই মেডিকেল পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে। সেয়ে আজি মুঠ ৪৪ হাজাৰ ৭০৩ গৰাকী নিযুক্তিপ্ৰাপ্তক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব।

ইফালে জুন, জুলাইত অসম চৰকাৰৰ বিভিন্ন বিভাগত ২২ হাজৰ পদৰ বিজ্ঞাপনো (Assam Govt. Job Notification) প্ৰকাশ পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে।

নিবনুৱা যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰঃ প্ৰতিবছৰে অনুষ্ঠিত হ'ব নিযুক্তি সমাৰোহ...
হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু মি.ইণ্ডিয়া প্ৰেমৰাজ অৰোৰাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in