/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c311090c-3523-42b2-8b58-d2983017dece/mr_india.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। তথ্য অনুসৰি হৃদৰোগৰ ফলত ৩০ৰ পৰা ৬০ বছৰ বয়সৰ লোকৰ মৃত্যুৰ হাৰ ৭০ শতাংশ।
এনেবোৰ কথাৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আকোৱালি ল'লে একালৰ মি.ইণ্ডিয়া তথা শৰীৰ চৰ্চাবিদ প্ৰেমৰাজ অৰোৰাই। ৰাজস্থানৰ শৰীৰ চৰ্চাবিদগৰাকীয়ে মাত্ৰ ৪২ বছৰ বয়সতে অকাল মৃত্যুক সাৱটি লয়।
জানিব পৰা মতে তেওঁ বাথৰুমত গা-ধুৱলৈ গৈছিল। কিন্তু গা-ধোৱা ঘৰৰ পৰা বহুপৰ ওলাই নহাত পৰিয়ালৰলোকৰ সন্দেহ ওপজে। শেষত উপায় নাপাই পৰিয়ালৰ আন সদস্যই দুৱাৰ ভাঙি বাথৰুমত প্ৰৱেশ কৰি অৰোৰাক অচেতন অৱস্থাত উদ্ধাৰ কৰে।
অচেতন অৱস্থাত থকা অৰোৰাক ততাতৈয়াকৈ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত প্ৰেমৰাজ অৰোৰাই দুগৰাকী কন্যা সন্তানৰ লগতে পৰিয়ালৰ আন আন সদস্যক ইহসংসাৰত এৰি থৈ যায়।
Also Read: GMCHত অসমৰ প্ৰথমটো স্কিল লেবৰেট'ৰী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us