পুঁজি নাই নে সদিচ্ছা নাই ? ৭ হেজাৰ ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল...

পুঁজি নাই নে সদিচ্ছা নাই ? ৭ হেজাৰ ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল...
Published on
Updated on

ডিজিটেল ডেস্ক : বিহুলৈ মাজত মাথো দুটা দিন । সৰুসজাই খেলপথাৰত ১১ হেজাৰ নাচনীয়ে একেলগে বিহুনৃত্যৰ অনুশীলন কৰি থকা ভিডিঅ'-আলোকচিত্ৰই ইতিমধ্যে সামাজিক মাধ্যমত স্থান লাভ কৰিছে । ৰাজ্যৰ চৌদিশে এক নতুন উচাহ দেখা গৈছে । বাপতিসাহোন বিহুটি গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰাতো নিশ্চয়কৈ চৰকাৰৰ এক প্ৰশংসনীয় পদক্ষেপ । বিহুৰ আনুষ্ঠানিকতাৰ পৰা পুনৰ এবাৰ আতৰি সমগ্ৰ ৰাজ্যবাসীক প্ৰকৃত ৰূপ দেখুৱাবলৈ সাজু হৈ উঠিছে ৰাজ্য চৰকাৰ । এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ সংবাদ মাধ্যমসমূহত দেখা গৈছে বাতৰিৰ পয়োভৰ ।

কিন্তু তাৰ মাজতেই তল পৰি গ'ল আন এক বাতৰি ।

৭ সহস্ৰাধিক ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল কৰিলে চৰকাৰে । ইউ ডাইচৰ স্বীকৃতিপ্ৰাপ্ত, চৰকাৰী সাহায্যপ্ৰাপ্ত শ্ৰেণীৰ পৰা সকলো ভেঞ্চাৰ স্কুলক আঁতৰোৱাৰ সিদ্ধান্ত চৰকাৰৰ । আনকি এপ্ৰিলৰ পৰা ভেঞ্চাৰ বিদ্যালয়সমূহলৈ মধ্যাহ্ন ভোজন বন্ধৰ নিৰ্দেশ । দীৰ্ঘদিনীয়া আন্দোলনত চেচাপানী ঢালি অসাৰ হ'ব প্ৰাদেশিকৰণৰ দাবী । ইয়াৰ লগে লগে ভেঞ্চাৰ স্কুলসমূহ পৰিণত হ'ব একোখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈহে । বিগত ৬ এপ্ৰিলত জাৰী কৰা হৈছে এই নিৰ্দেশনা ।

ৰাজ্যৰ শিক্ষা বিভাগৰ তথ্য অনুসৰি ৰাজ্যত আছে প্ৰায় ৭৬৭০ খন ভেঞ্চাৰ স্কুল, ঠিক একেদৰেই মুঠ শিক্ষকৰ সংখ্যা হৈছে ২৯,৫০৭ জন । এতিয়া এইসকল শিক্ষকৰ ভৱিষ্যত সন্দৰ্ভে কি সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে সেইয়া হ'ব লক্ষণীয় ।

কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পোন প্ৰথমেই ল'ব পাৰিলে হয় আন কেইটামান সিদ্ধান্তহে । ভেঞ্চাৰ স্কুল সমূহক কমেও তিনিমাহ পূৰ্বেই এই জাননী জাৰী কৰিলে শিক্ষকসকলে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিলে হয় ব্যক্তিগত স্তৰত । আনহাতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত অক্ষয় পাত্ৰৰ দৰে কোনো ফাউণ্ডেছনৰ অধীনত লৈ আনিব পৰা গ'ল হয় যদিহে চৰকাৰৰ হাতত মধ্যাহ্ন ভোজনৰ বাবে পুঁজি মজুত নাই । কেৱল সেয়াই নহয় যদি উপযুক্ত বিষয় ববীয়াক দায়িত্ব দিব পৰা যায় তেন্তে পি এম কেয়াৰ ফাণ্ড জাতীয় এক ব্যৱস্থাও অসমত প্ৰৱৰ্তন কৰিব পৰা যায় ।

কিন্তু এই খিনিতে সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে চৰকাৰৰ পুঁজিৰ অভাৱ নে সদিচ্ছাৰ ?

পুঁজি নাই নে সদিচ্ছা নাই ? ৭ হেজাৰ ভেঞ্চাৰ স্কুলৰ স্বীকৃতি বাতিল...
আকৌ এখন যুদ্ধঃ টাইৱান আক্ৰমণ কৰিবলৈ সাজু চীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in