ৰঙিয়াত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী সভা...

ৰঙিয়াত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী সভা...

ডিজিটেল সংবাদ, ৰঙিয়াঃ সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰ অভিযান তুংগত তুলিছে শাসক তথা বিৰোধী দলসমূহে। বাদ পৰি ৰোৱা নাই সমৰ্থিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত অসম গণ পৰিষদ দলো। তদুপলক্ষে ৪নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত আজি অসম গণ পৰিষদ দলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ।

দলটোৰ ৰঙিয়া বিধান সভা সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিজেপি তথা অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত সভাখনি অনুষ্ঠিত হয়। বুধবাৰে সন্ধিয়া সময়ত অনুষ্ঠিত হোৱা সভাত দলটোৰ কেন্দ্ৰীয় নেতা অৰ্ণৱ ভৰালী প্ৰমুখ্যে নেতৃবৃন্দৰ উপস্থিতিত প্ৰাৰ্থী দিলীপ শইকীয়াই অংশগ্ৰহণ কৰি ভাষণ ৰাখে। একেখন সভাতে বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাইও অংশগ্ৰহণ কৰি মিত্ৰজোটৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ।সভাত ৰঙিয়া বিধান সভা সমষ্টিৰ ভিন্ন প্ৰান্তৰ পৰা অগপ তথা বিজেপি দলৰ কৰ্মী সকল উপস্থিত থাকে ।

ৰঙিয়াত অসম গণ পৰিষদ দলৰ নিৰ্বাচনী সভা...
কোকৰাঝাৰৰ উৰণ সেতুত দুৰ্ঘটনাঃ নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in