ৰাজ্যত বানৰ কালৰূপ! বাক্সাত বাঢ়নী পানীয়ে উটুৱাই নিলে এজনক

২০ খন জিলাৰ প্ৰায় ১.২০ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা। প্ৰভাৱিত হৈছে ঘৰচীয়া জন্তুৰ পৰা আদি কৰি খেতি-পথাৰ আদি সকলো।

author-image
Asomiya Pratidin
New Update
নীপকোৱে এৰিছে ৬ খনকৈ গেটৰ পানীঃ কপিলীপৰীয়াক সাৱধান বাণী প্ৰশাসনৰ...

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ উজনি-নামনি অসমত এতিয়া বানৰ তাণ্ডৱ। বানে জুৰুলা কৰিছে জনতাক। ২০ খন জিলাৰ প্ৰায় ১.২০ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা। প্ৰভাৱিত হৈছে ঘৰচীয়া জন্তুৰ পৰা আদি কৰি খেতি-পথাৰ আদি সকলো।

ইয়াৰ মাজতে বাক্সাৰ শালবাৰীৰ গাতিত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। বাঢ়নী পানীত উটি গৈ সন্ধানহীন হয় এজন লোক। সন্ধানহীন লোকজন গাতি মছলাবাৰীৰ অজয় দাস বুলি জানিব পৰা গৈছে।

এটা পানীৰ্ভতি কালভাৰ্ট আৰক্ষীৰ অনুমতি সাপেক্ষে কাটি দিছিল ৰাইজে। তাৰ পিছতেই কালভাৰ্টৰ তলেৰে পানীত উটি গৈ সন্ধানহীন লোকজন। লোকজনৰ সন্ধানত আৰক্ষী, ৰাইজৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিবলগৈ সক্ষম হোৱা নাই লোকজনক।

Also Read: মণিপুৰক পিঠি দি আমেৰিকাত মোডীৰ আনন্দ-উল্লাস...

flood